অসম

আজি ঘোষণা কৰা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল…

আজি ঘোষণা কৰা হ’ব ২৬ হাজাৰ চাকৰিৰ চতুৰ্থ বৰ্গৰ ফলাফল।

যোৱা ২১ আগষ্টত অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ চতুৰ্থ বিভাগৰ পৰীক্ষাৰ।

ছেবাৰ ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা হ’ব চতুৰ্থ বিভাগৰ পৰীক্ষাৰ ফলাফল।

টুইটাৰযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে পৰীক্ষাৰ ফলাফল।

১৮ অক্টোবৰৰ পৰিৱৰ্তে ১৭ অক্টোবৰ সোমবাৰে সন্ধিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু পৰীক্ষাৰ্থীয়ে sebaonline.org নামৰ ৱেবছাইটৰ জৰিয়তে লাভ কৰে ফলাফল।

এই ফলাফলৰ পিছতে স্বাভাৱিকতে প্ৰাৰ্থীসকলৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠাৰ লগতে বিভ্ৰান্তি।

আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই ৱেবছাইটত ওলোৱা ফলাফল ঘোষণা হোৱা ৱেবছাইটটো ১০/১৫ মিনিটৰ ভিতৰতে বন্ধ হৈ পৰে।

আনহাতে সোমবাৰে ফলাফল ঘোষণাৰ কথা অস্বীকাৰ কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ জৈনে।

Related Articles

Back to top button