আজি কোকৰাঝাৰত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক, উখল-মাখল পৰিৱেশ…

আজি কোকৰাঝাৰত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।
কোকৰাঝাৰস্থিত বিটিচি সচিবালয়ৰ এ ব্ল’কৰ প্ৰেক্ষাগৃহত অনুষ্টিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।
এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকক লৈ ইতিমধ্যে বিটিচি আৰু কোকৰাঝাৰ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
তদুপৰি কেবিনেট বৈঠকক লৈ বিটিচি সচিবালয়ৰ লগতে সমগ্ৰ কোকৰাঝাৰ চহৰতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে।

কেবিনেট বৈঠকৰ বাবে সোমবাৰে সন্ধিয়া ভাগত কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
লগতে কেবিনট বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে সোমবাৰে সন্ধিয়া ভাগতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা, অজন্তা নেওঁগ, জয়ন্তমল্ল বৰুৱা আদিকে ধৰি কেইবাগৰাকী মন্ত্ৰী কোকৰাঝাৰত উপস্থিত হৈছে।
Cabinet meeting of the Government of Assam is all set to be held tomorrow at the BTC Secretariat in Kokrajhar.#AIRVideo: Preetam pic.twitter.com/iFc2DNQUW9
— AIR News Guwahati (@airnews_ghy) September 5, 2022
উল্লেখ্য যে, প্ৰতিমাহৰ মূৰে মূৰে গুৱাহাটীৰ বাহিৰত এখন কেবিনেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ইতিপূৰ্বে লোৱা হৈছিল আৰু তাৰেই আধাৰত এইবাৰ কোকৰাঝাৰত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব।
কোকৰাঝাৰত অনুষ্ঠিত হোৱা কেবিনেটখন যে অকল কোকৰাঝাৰৰ বাবে সেয়া নহয় বৰং সমগ্ৰ অসমৰ বাবেই বুলি উল্লেখ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়- মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰৰ বাবে সদায় ভাল চিন্তা কৰে আৰু কাইলৈও নিশ্চয়কৈ কোকৰাঝাৰৰ বাবে ভাল চিন্তা কৰিব বুলি দৃঢ়বিশ্বাসী।