আজি কংগ্ৰেছৰ অধক্ষ্য পদৰ নিৰ্বাচন! মুখ্য কাৰ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে

নিউজ ডেস্কঃ বছৰ বছৰ ধৰি চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটাই আজি অনুষ্ঠিত হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষ পদৰ নিৰ্বাচন।

সমগ্ৰ দেশজুৰি অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ মুখ্য প্ৰতিদ্বন্দ্বী হৈছে জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰ।

photo1665993206
আজি কংগ্ৰেছৰ অধক্ষ্য পদৰ নিৰ্বাচন! মুখ্য কাৰ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে 4

ইতিমধ্যে অসমৰ লগতে সমগ্ৰ দেশত দেওবাৰে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হৈছে দলৰ অধ্যক্ষ পদৰ নিৰ্বাচন।

ইতিমধ্যে এই নিৰ্বাচনত ভোটদান কৰিলে ছোনীয়া গান্ধীয়েও।

photo1665993212
আজি কংগ্ৰেছৰ অধক্ষ্য পদৰ নিৰ্বাচন! মুখ্য কাৰ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে 5

তাৰ পিছতে এইবাৰ কংগ্ৰেছৰ অধ্যক্ষ নিৰ্বাচনৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে।

৯০ বৰ্ষীয় ড০ সিঙে দিল্লীস্থ দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ সাব্যস্ত কৰে ভোটাধিকাৰ।

photo1665993217
আজি কংগ্ৰেছৰ অধক্ষ্য পদৰ নিৰ্বাচন! মুখ্য কাৰ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে 6

উল্লেখ্য যে, কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই পৰাই অধ্যক্ষ নিৰ্বাচনৰ বাবে নিজৰ ভোট প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে।

গণতান্ত্ৰিক ভাৱে অনুষ্ঠিত হোৱা দেশৰ আটাইতকৈ পুৰণি দলটোৰ অধ্যক্ষ নিৰ্বাচনৰ ভোট গণনা হ’ব ১৯ অক্টোবৰ অৰ্থাৎ বুধবাৰে।