আজি উদ্বোধন হ’ব সংসদ টিভি, নাথাকিব ৰাজ্যসভা টিভি…

আজি মুকলি হ’ব সংসদ টিভি।

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ১৫ ছেপ্টেম্বৰ বুধবাৰ অৰ্থাৎ আজি আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস উপলক্ষে যুটীয়াভাৱে সংসদ টিভি মুকলি কৰিব।

এই বছৰৰ ফেব্ৰুৱাৰীমাহত, লোকসভা টিভি আৰু ৰাজ্যসভা টিভি একত্ৰিত কৰি এক নতুন সংসদ টিভি প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা মঙলবাৰে কোৱা হৈছে যে সংসদৰ টিভি কাৰ্যসূচীসমূহক মুখ্যতঃ চাৰিটা শ্ৰেণীত বিভক্ত কৰা হ’ব।

ইয়াৰ ভিতৰত আছে সংসদ আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ কাৰ্যকলাপ, শাসন আৰু আঁচনিৰ ৰূপায়ণ, ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ বিষয় আৰু সমসাময়িক প্ৰকৃতি, স্বাৰ্থ আৰু উদ্বেগ বিষয়ক।

সংসদ টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) মাৰ্চতে নিযুক্ত কৰা হৈছিল।

সংবাদ সংস্থা পি টি আইৰ মতে, প্ৰবীণ কংগ্ৰেছ নেতা কৰণ সিং, অৰ্থনীতিবিদ বিবেক দেবৰয়, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত আৰু অধিবক্তা হেমন্ত বাত্ৰাই নতুন চেনেলটোত পৃথক অনুষ্ঠান আয়োজন কৰিব।

কৰণ সিঙে বিভিন্ন ধৰ্মৰ ওপৰত, বিবেক দেবৰয়ে ইতিহাসৰ ওপৰত আৰু অমিতাভ কান্তে ‘ভাৰতৰ পৰিৱৰ্তন’ত একোটাকৈ অনুষ্ঠান আয়োজন কৰিব।

আনহাতে চাৰ্ক আইনৰ উপ-সভাপতি হেমন্ত বাত্ৰাই আইনী বিষয়ত এটা অনুষ্ঠান আয়োজন কৰিব।

উল্লেখ্য যে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া তথা বস্ত্ৰ মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব ৰবি কাপুৰ চেনেলটোৰ মুখ্য কাৰ্যবাহী বিষয়া আনহাতে লোকসভা সচিবালয়ৰ যুটীয়া সচিব মনোজ অৰোৰা অ’ এছ ডি।

Leave a Comment