fbpx
অসম

আজি উত্তৰ-পূবৰ তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল! কোনে মাৰিব শেষ হাঁহি…

আজি ঘোষণা হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল।

তিনিখন ৰাজ্যৰ ১৭৮ খন আসনত ১৬ আৰু ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি পুৱা ৮ বজাৰে পৰা ভোটগণনা আৰম্ভ হৈছে।

ইয়াৰে, নাগালেণ্ডত ৬০ খন আসনৰ এখন আসন ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে। ৰাজ্যখনৰ অকুলুটত সমষ্টিত ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ বাবে আজি কেৱল ৫৯ টা নাগালেণ্ড সমষ্টিৰহে ভোটগণনা কৰা হৈছে।

ইয়াৰোপৰি, মেঘালয়তো এখন আসনত নিৰ্বাচন প্ৰতিৰোধ কৰাৰ বাবে ইয়াৰ মুঠ আসন ৬০ৰ পৰা ৫৯ লৈ হ্ৰাস পাইছে।

মেঘালয় আৰু নাগালেণ্ডৰ ৬০ খনকৈ বিধানসভা আসনৰ বাবে ভোটদান ২৭ ফেব্ৰুৱাৰীত  সম্পন্ন হৈছিল।

আনহাতে, বিগত ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰা বিধানসভা নিৰ্বাচন সম্পন্ন হৈছিল।

যোৱা ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ হোৱা মেঘালয় বিধানসভা নিৰ্বাচনৰ ৫৯ খন আসন কাৰ দখললৈ যাব সেই লৈ এতিয়া ব্যাপক কল্পনা জল্পনা।

ভোটফেৰৎ সমীক্ষা মতে ৰাজ্যখনত এইবেলিও নেচনেল পিপলছ পাৰ্টী (এন পি পি)য়ে অধিক আসন লাভ কৰিব। ৬০ খন আসনৰ মাজত এন পি পি য়ে ১৮ ৰ পৰা ২৪ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।

বিজেপিয়ে ত্ৰিপুৰা আৰু নাগালেণ্ডত পাব ৮-৮ খনকৈ আসন। আনহাতে, কংগ্ৰেছ জয়ী হ’ব ৬-১২ খন আসনত। তদুপৰি তৃণমূল কংগ্ৰেছে লাভ কৰিব ৫-৯ খন আসন ।

ইয়াৰ ওপৰিও মেঘালয়ৰ নিৰ্বাচনৰ ভোটগণনাৰ বাবে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ১২খন জিলাত ১৩টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। সকলো ই ভি এম মেছিল ষ্ট্ৰং ৰূমত তিনি তৰপীয়া ব্যৱস্থাৰ মাজত ৰখা হৈছে।

Related Articles

Back to top button