আজি উত্তৰ-পূবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গুৱাহাটীত নতুন পথ নিৰ্দশনা জাৰি…

আজি উত্তৰ-পূবলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

দুদিনীয়া কাৰ্যসূচী হাতত লৈ আজি উত্তৰ পূবলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী।

দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবৰ দুই ৰাজ্য মেঘালয় আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীক সংগ দিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে।

প্ৰথমে ত্ৰিপুৰাত উপস্থিত হৈ মোদীয়ে বিবেকানন্দ খেলপথাৰত এখন জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা, গৰীৱ কল্যাণ অন্ন যোজনা, প্ৰধানমন্ত্ৰী-কিষাণ আৰু জল জীৱন আঁচনিৰ দৰে সুবিধাপ্ৰাপ্ত লোকসকলৰ লগত মত বিনিময় কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, কেবিনেট মন্ত্ৰী আৰু বিজেপি বিধায়কসকলৰ সৈতেও এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।

ইয়াৰ পিছতে শ্বিলঙত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ স্বৰ্ণজয়ন্তী অনুষ্ঠানত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

মোদীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে জাৰি কৰা হৈছে কেতবোৰ নিৰ্দেশনা।

সেই অনুসৰি গুৱাহাটীৰ ভিতৰত পৰা ১৭ নং আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ থাকিব ৬টাতকৈ অধিক চকাৰ ট্ৰাকৰ চলাচল।

আজি পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ প্ৰযোজ্য থাকিব এই নিয়ম।

আনহাতে কাইলৈ পুৱা ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ প্ৰযোজ্য হ’ব এই নিয়ম।

উল্লেখ্য যে, ২০২৩ বৰ্ষত উত্তৰ-পূবৰ দুই ৰাজ্য ক্ৰমে ত্ৰিপুৰা আৰু মেঘালয়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।