অসম

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ভিক্টৰ দাসৰ, পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা…

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ভিক্টৰ দাসৰ।

চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত ধনৰ লেন-দেনৰ অভিযোগ তুলিছিল ভিক্টৰ দাসে।

কিন্তু উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে উৰাবাতৰি প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লয় ভিক্টৰ দাসক।

এসপ্তাহৰ পূৰ্বে আৰক্ষীয়ে ভিক্টৰ দাসক আটক কৰিছিল।

শুকুৰবাৰে আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ভিক্টৰ দাসৰ। আজি চি.জি.এম. আদালতত হাজিৰ কৰোৱা হ’ব ভিক্টৰক।

আনহাতে, আৰক্ষীয়ে ভিক্টৰক পুনৰ নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে।

ইপিনে পাণবজাৰ থানাৰ লকআপত হঠাৎ অসুস্থ হৈ পৰিছে ভিক্টৰ দাস। স্বাস্থ্যৰ অৱনতি ঘটিছে ভিক্টৰৰ।

Related Articles

Back to top button