আজি অসমলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাগ ল’ব আশীৰ্বাদ যাত্ৰাত…

আজি অসমলৈ আহিব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত অসমলৈ প্ৰথমবাৰৰ বাবে আহিব সৰ্বানন্দ সোণোৱালৰ।

পুৱা ৯.৪৫ বজাত সোণোৱাল আহি উপস্থিত হ’ব বৰঝাৰ বিমান বন্দৰত।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে দল তথা চৰকাৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাব সোণোৱালক।

তেওঁক লৈয়ে অসম বিজেপিৰ নেতা কৰ্মীসকলে আৰম্ভ কৰিব আশীৰ্বাদ যাত্ৰা।

১০ঃ৩০ত বিমান বন্দৰৰ পৰা সোণোৱালক লৈ আৰম্ভ হ’ব জন আশীৰ্বাদ যাত্ৰা।

পুৱা ১০ঃ৪০ বজাত এই যাত্ৰা আহি উপস্থিত হ’বহি আজাৰা সভা গৃহত।

এই সভাগৃহতে অনুষ্ঠিত হ’ব কাৰ্যকৰ্তা বৈঠক। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’ব বৃক্ষ ৰোপণ আৰু সম্বৰ্ধনা অনুষ্ঠান।

ইয়াৰ পাছতে আজাৰাৰ পৰা এই যাত্ৰা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ সমাধিস্থললৈ আহিব।

১১ঃ৪৫ ত ড০ ভূপেন হাজৰিকাৰ সমাধিস্থলত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

দিনৰ ১২ঃ৩০ বজাত জন আশীৰ্বাদ যাত্ৰা উপস্থিত হ’ব কামাখ্যাত।

২ঃ১৫ বজাত গুৱাহাটী মহানগৰ জিলা কাৰ্যালয়ত সম্বৰ্ধনা, ৩ বজাত হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত সভাৰ লগতে সংবাদ মেলত ভাগ ল’ব।

আনহাতে ৪ঃ৪৫ বজাত নেহেৰু ষ্টেডিয়ামত অসম অলিম্পিক সন্থাৰ এখন সম্বৰ্ধনা অনুষ্ঠানত ভাগ ল’ব সোণোৱালে।

ইয়াৰ পাছত যাত্ৰা ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ যাব আৰু তাতেই ২১ আগষ্টৰ জন আশীৰ্বাদ যাত্ৰা সমাপ্ত হ’ব।

সোণোৱালে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত নৈশ যাপন কৰিব।

Leave a Comment