অসম
আজি অসমলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, আহিব মন্ত্ৰী-বিধায়ক….

আজি অসমলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে।
সিন্দেৰ লগত আহিব ১৮০ জনীয়া সাংসদ-বিধায়কৰ দল।
আজি দিনৰ ১২ বজাত গুৱাহাটী পাবহি দলটো।
বিয়লিৰ ভাগত সিন্দেসহ ১৮০গৰাকী সাংসদ-বিধায়কে দৰ্শন কৰিব কামাখ্যা মন্দিৰ।
নিশাটো মহানগৰীৰ হোটেল ৰেডিছন ব্লুত কটাব সিন্দেবাহিনীয়ে।
ইয়াৰ আগতেও দল গঠন কৰাৰ সময়ত গুৱাহাটীলৈ আহিছিল সিন্দেবাহিনী।