
পৰম্পৰাগত ভিআইপি সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা। শনিবাৰে নগাঁও ভ্ৰমণকালত মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে ৰাজপথত সাধাৰণ যাত্ৰীক ৰখাই থোৱা দেখি খঙত জ্বলি উঠিছিল মুখ্যমন্ত্ৰীগৰাকী। ঘটনাস্থলীত জিলা উপায়ুক্তক কাষলৈ মাতি আনি ধমকো দিছিল ড০ হিমন্ত বিশ্ব শৰ্মাই।
এগৰাকী আইএএছ বিষয়াক এনেদৰে কেমেৰাৰ সন্মুখতে ৰাজপথত মুখ্যমন্ত্ৰীয়ে ধমক দিয়া কাৰ্যক লৈ এতিয়া সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। একাংশই ভিআইপি সংস্কৃতিৰ অৱসান ঘটাবলৈ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰিছে। কিন্তু আন একাংশই এগৰাকী আইএএছ বিষয়াক এনেদৰে ধমক দিয়া কাৰ্যক মুখ্যমন্ত্ৰীৰ ‘পাব্লিচিটী ষ্টাণ্ট’ বুলি অভিহিত কৰিছে।
ছ’চিয়েল মিডিয়াত বহুতে এই বিষয়টো উত্থাপন কৰি এই কথাও কৈছে যে এগৰাকী মুখ্যমন্ত্ৰী বা মন্ত্ৰী ৫ বছৰৰ বাবেহে শাসনাধিষ্ঠিত হয়। আনকি নেতা-মন্ত্ৰী হ’বলৈ শিক্ষাৰো প্ৰয়োজন নাই। কিন্তু এগৰাকী আইএএছ-আইপিএছ বিষয়াৰ কাৰ্যকাল দীঘলীয়া আৰু তেওঁলোকে অশেষ পৰিশ্ৰম, ত্যাগ, অধ্যয়ন আৰু অধ্যাৱসায়ৰে লক্ষ্যত উপনীত হয়। তেনে পৰিপ্ৰেক্ষিতত এজন নেতা বা মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি প্ৰশাসনিক বিষয়াক ৰাজপথত ধমক দিয়াৰ কোনো অধিকাৰ নাই।
In our state we want to create a culture where DC,SP or any govt servant /public rep-irrespective of background,intellectual capacity or popularity will work only for the people
— Himanta Biswa Sarma (@himantabiswa) January 15, 2022
Changing babu mindset is a tough, but we are determined to achieve our goal-Janta hi Janardhan https://t.co/c0FA0ojznG
এনে মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ সংস্থা এএনআইৰ এটা টুইটৰ ৰি-টুইট কৰি লিখিছে, ‘আমাৰ ৰাজ্যত আমি এনে এক সংস্কৃতি গঢ়ি তুলিব বিচাৰো য’ত ডিচি, এছপি বা যিকোনো চৰকাৰী কৰ্মচাৰী/ৰাজহুৱা প্ৰতিনিধিয়ে পৃষ্ঠভূমি, বৌদ্ধিক ক্ষমতা বা জনপ্ৰিয়তা নিৰ্বিশেষে কেৱল জনসাধাৰণৰ বাবেহে কাম কৰিব।’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে চাহাবৰ মানসিকতা সলনি কৰা কঠিন। কিন্তু চৰকাৰ লক্ষ্যত উপনীত হ’বলৈ সংকল্পবদ্ধ। মুখ্যমন্ত্ৰীগৰাকীয়ে জনতাকে সৰ্বোচ্ছ বুলি অভিহিত কৰে।
“I reprimanded officials concerned for halting traffic for me, despite clear direction not to create inconvenience for people during my visit. For over 15 mins, NH was blocked incl ambulances. This VIP culture is not acceptable in today’s Assam,” CM Himanta B Sarma
— ANI (@ANI) January 15, 2022
(file pic) pic.twitter.com/BbsknAGpBt
এএনআইৰ বাতৰি মতে, মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মোৰ ভ্ৰমণৰ সময়ত মানুহৰ বাবে অসুবিধা সৃষ্টি নকৰাৰ স্পষ্ট নিৰ্দেশ নাথাকিলেও মই মোৰ বাবে যান-বাহন ৰখাই থোৱাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক ভৰ্ৎসনা কৰিছিলো। ১৫ মিনিটতকৈও অধিক সময়ৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনসমূহ ৰখাই থোৱা হৈছিল। তাৰ ভিতৰত আনকি এখন এম্বুলেন্সো আছিল। আজিৰ অসমত এই ভিআইপি সংস্কৃতি গ্ৰহণযোগ্য নহয়।”
লগতে চাওকঃ
অন্তঃসত্বা পত্নীক এৰি কৰ্মস্থলী ৰঙিয়ালৈ উভতিছিল অজিত, ৰে’ল দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ
হঠাৎ খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ধমক দিলে জিলা উপায়ুক্তক