আজিৰে পৰা ২১ এপ্ৰিললৈ ৰাজ্যত পুনৰ প্ৰবল ধুমুহা-বৰষুণৰ সম্ভাৱনা…

নিউজ ডেস্ক। বিহুৰ বতৰত বিধি পথালি দিছে বতৰে।
ৰাজ্যত প্ৰায় প্ৰতিদিনে হৈ আহিছে ধুমুহা বৰষুণ।
ধুমুহা, বৰষুণ, শিলাবৃষ্টিৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত হৈছে বিস্তৰ ক্ষতিসাধন।
ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ কৰিছে ধুমুহা-বৰষুণৰ আগজাননী।
সোমবাৰৰ পৰা ৰাজ্যত পুনৰ প্ৰবল ধুমুহা-বৰষুণৰ সম্ভাৱনা।

অহা ২১ এপ্ৰিললৈকে ৰাজ্যত ধুমুহা-বৰষুণ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
কোকৰাঝাৰ, ধুবুৰী, চিৰাং, গোৱালপাৰাত হ’ব বৃষ্টিপাত।
কামৰূপ, বৰপেটা, নলবাৰীতো ধুমুহা-বৰষুণৰ সম্ভাৱনা।
কামৰূপ (মঃ), লখিমপুৰ, ধেমাজিকো চুই যাব ধুমুহাই।
চুবুৰীয়া ৰাজ্যসমূহতো ধুমুহা-বৰষুণ হ’ব বুলি জাননী প্ৰকাশ বতৰ বিজ্ঞান কেন্দ্ৰৰ।
উল্লেখ্য যে, বিগত কিছুদিন ধৰি ৰাজ্যত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ লগতে বজ্ৰপাত আৰু প্ৰচণ্ড ধুমুহাৰ ফলত এই পৰ্যন্ত কমেও ১৫ জন লোক নিহত হোৱাৰ তথ্য প্ৰকাশ পাইছে।
লগতে চাওকঃ
মই মদ খােৱা নাছিলােঁ! নিজকে নিৰ্দােষী বুলি দাবী ডিআই চালক অভিজিৎ গগৈৰ
