আজিৰে পৰা আৰম্ভ হ’ল অসম পঞ্চদশ বিধানসভাৰ শীতকালীন অধিৱেশন…

আজিৰে পৰা আৰম্ভ হ’ল অসম পঞ্চদশ বিধানসভাৰ শীতকালীন অধিৱেশন।
৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম বিধান সভাৰ শীতকালীন অধিৱেশন।
পুৱা ৯.৩০ বজাৰ লগে লগে আৰম্ভ হয় পঞ্চদশ বিধানসভাৰ শীতকালীন অধিৱেশন।
বিধানসভাৰ প্ৰথমদিনটোত প্ৰাক্তন মন্ত্ৰী, বিশিষ্ট আইনজ্ঞ আব্দুল মূহিব মজুমদাৰ, প্ৰাক্তন বিধায়ক পানীৰাম ৰাভা, প্ৰাক্তন বিধায়ক সাদিক মজুমদাৰ, প্ৰাক্তন বিধায়ক অতুল কুমাৰ শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ভাস্কৰ ফাৰ্ণাণ্ডেজ আৰু সেনা সৰ্বাধিনায়ক জেনেৰেল বিপিন ৰাৱটলৈ লগতে আন আন বিশিষ্ট ব্যক্তিৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ হয় সদনৰ কামকাজ।
এইবাৰৰ অধিৱেশনত উত্থাপন হ’ব ১৩খন বিধেয়ক। ইয়াৰে এখন নতুন বিধেয়ক আৰু ১২খন সংশোধনী বিধেয়ক।
ৰাজ্য চৰকাৰে ১লাখ নিৱনুৱাক চাকৰি প্ৰদানৰ উদ্দেশ্যৰে এখন নতুন বিধেয়ক ‘দ্য আছাম ৰিক্ৰুইটমেন্ট কমিছনছ ফৰ এনাল’জিয়াছ পোষ্টছ ইন ক্লাছ থ্ৰী এণ্ড ক্লাছ ফৰ বিল ২০২১’ সদনত উত্থাপন কৰিব।
ইফালে সদনৰ প্ৰথমদিনটোতেই বিৰোধী দলমূহে মূল্যবৃদ্ধি, গৰুখুঁটি উচ্ছেদ, যোৰহাটৰ ঘটনাক লৈ বিভিন্ন প্ৰশ্নৰে সদন উত্তাল কৰাৰ সম্ভাৱনা আছে।