fbpx
অসম

‘আজিৰে পৰা অসমৰ ৰাইজৰ হৈ কাম কৰিম’-আনুষ্ঠানিকভাৱে DGPৰ দায়িত্ব গ্ৰহণ কৰি জি পি সিঙৰ মন্তব্য…

আজি আনুষ্ঠানিকভাৱে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিলে আইপিএছ জি পি সিঙে।

অৱসৰপ্ৰাপ্ত DGP ভাস্কৰজ্যোতি মহন্তই জি পি সিঙক অৰ্পণ কৰে DGPৰ দায়িত্ব।

উলুবাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অৱসৰ প্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পৰা দায়িত্ব গ্ৰহণ কৰে নতুন সঞ্চালক প্ৰধান জি পি সিঙে।

দায়িত্ব লৈ সংবাদ মাধ্যমক সম্বোধন জি পি সিঙে।

সংবাদমাধ্যমৰ আগত তেওঁ কয়- আজিৰ পৰা সঞ্চালক প্ৰধান হিচাপে অসমৰ ৰাইজৰ হৈ কাম কৰিম৷ ৰাজ্য চৰকাৰে অৰ্পণ কৰা দায়িত্ব আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰিছো৷ অসম আৰক্ষীৰ প্ৰতিগৰাকী লোকে যাতে সন্মান সহকাৰে ৰাইজৰ হৈ কাম কৰিব পাৰে তাৰ ব্যৱস্থা কৰিম৷

লগতে তেওঁ অৱসৰ প্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক কৃতজ্ঞতা জ্ঞাপন কৰি তেখেতৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম বুলি উল্লেখ কৰে।

লগতে তেওঁ কয়-জিলা পৰ্যায়ৰ পৰা আৰক্ষীৰ শীৰ্ষ পৰ্যায়লৈ যাতে জনসাধাৰণে সৈতে সঘনে আৰক্ষী যোগাযোগ থাকে তাৰ  ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ বাবে প্ৰতিদিনে দিনৰ ১১ বজাৰ পৰা ১, ২ বজালৈ প্ৰতিটো কাৰ্য্যলয়ত উপস্থিত থাকিব শীৰ্ষ বিষয়া৷ বুজ ল’ব জনসাধাৰণৰ সা সমস্যা৷

কৰ্মৰত মহিলা আৰক্ষী সকলৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!