আজিকালি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বহু যুৱক-যুৱতীয়ে আলফলৈ যায়ঃ মুখ্যমন্ত্ৰী…

আলফালৈ অসমীয়া যুৱক-যুৱতীৰ গমনৰ বাতৰিয়ে দৈনিক শিৰোনাম দখল কৰি থকাৰ সময়তে আলফালৈ যোৱা যুৱক-যুৱতীসকলক লৈ বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই কয়- পূৰ্বতে দেশপ্ৰেমৰ চেতনা লৈ আলফালৈ গৈছিল অসমীয়া যুৱক-যুৱতী। আজিকালি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আলফালৈ যায়।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়- ‘বহু যুৱক গৈছে যদিও বহু উভতিও আহিছে। আগত অলফালৈ যোৱা আৰু এতিয়া যোৱাৰ মাজত বৃহৎ পাৰ্থক্য আছে। এতিয়া পৰিয়াল চলাব নোৱাৰি অলফালৈ যায়।

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা একাংশ যুৱক-যুৱতী আলফালৈ যোৱাৰ বাতৰি আহিছে। আনকি মহানগৰ গুৱাহাটীৰ পৰাও যুৱক-যুৱতী আলফা(স্বা)লৈ যোৱাৰ বাতৰি পোৱা গৈছে।

ইয়াৰ মাজতে আলফা(স্বা)এ দুজন যুৱকক আৰক্ষীৰ গুপ্তচৰ বুলি মৃত্যুদণ্ড দিয়া বাতৰিয়েও ৰাজ্য তোলপাৰ লগাই আছে।

এনে সময়তে মুখ্যমন্ত্ৰীৰ এই বিশেষ মন্তব্য যথেষ্ট গুৰুত্ব বহন কৰিছে।

Leave a Comment