
বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই।
বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত গুৱাহাটীস্থিত নেমকেয়াৰ হস্পাতালত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।
অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰিছে ৰাজ্যবাসীক।

বলিষ্ঠ অভিনেতা গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে।
সংবাদ মাধ্যমৰ আগত নিপন গোস্বামীৰ সৈতে কটোৱা স্মৃতি সোঁৱৰি হুকহুকাই কান্দি উঠিল নিশিতা গোস্বামী।
তেওঁ কয়- মই গৰ্ব কৰিছিলো যেতিয়া অসমৰ ৭০% মানুহে মোক নিপন গোস্বামীৰ জীয়ৰী বুলি ভাবে।
‘মোৰ কবলৈ একো ভাষা নাই। মোৰ জীৱনত ভাল ভাল ছবি কেইখন নিপন দাৰ লগত কৰিছো। আমাৰ এতিয়া কোনো নাইকিয়া যেন হৈ গৈছে।- নিশিতা গোস্বামী।
সিদিনা ফাইন কাটোতে মোৰ নামৰ লগতে নিপন গোস্বামীক পিতা বুলি লিখিছিল আৰক্ষীয়ে- নিশিতা গোস্বামী।
লগতে চাওকঃ
- বাল্যবিৱাহ বিৰোধী অভিযানৰ মাজতে অঘটন! মৃত্যুক সাৱটিলে ৯মহীয়া অন্তঃসত্ত্বা নাবালিকাই, দুজনক গ্ৰেপ্তাৰ…
- চাওক আপোনাৰ দৈনিক ৰাশিফল
- তুৰস্কত প্ৰকৃতিৰ বিভীষিকা! প্ৰবল ভূঁইকপত নিহতৰ সংখ্যা ১১,২০০ জনলৈ বৃদ্ধি, চৌদিশে মাথো মৃত্যুৰ কিৰিলি…
- ধন প্ৰতাৰণাৰ গোচৰ! মুখ্যমন্ত্ৰীৰ ভাতৃসহ ৬জনক এবছৰৰ কাৰাদণ্ড আদালতৰ…
- ৰানৱে’ৰ পৰা উৰা মৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ ভূপতিত প্ৰশিক্ষণ বিমান, কথমপি প্ৰাণৰক্ষা পাইলটৰ…