আজমলৰ DNA টেষ্ট কৰিলে পূৰ্বৰ বংশধৰ বাংলাদেশৰ ওলাবঃ বিধায়ক দিগন্ত কলিতা

হিন্দু-মুছলমানৰ ৰাজনীতিয়ে তোলপাৰ লগাইছে ৰাজ্য।

এইআইইডিএফৰ অধ্যক্ষ বদৰুদ্দিন আজমলে হিন্দুক লৈ কৰা মন্তব্যই ৰাজ্যজুৰি সৃষ্টি কৰিছে বিতৰ্কৰ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপকালত হিন্দু যুৱকক লৈ অপমানজনক মন্তব্য বদৰুদ্দিন আজমলক উভতি ধৰিলে বিধায়ক দিগন্ত কলিতাই।

বিধায়ক দিগন্ত কলিতাই কয়- আজমলৰ DNA টেষ্ট কৰিলে পূৰ্বৰ বংশধৰ বাংলাদেশৰ ওলাব। আজমলে সনাতনী হিন্দু ধৰ্মৰ সংস্কৃতিক অপমান কৰিছে।

বাংলাদেশী মুছলমান হৈ হিন্দুৰ ওপৰত মন্তব্য কৰিবলৈ আজমলে ক’ত অধিকাৰ পালে বুলি প্ৰশ্ন কৰে বিধায়ক দিগন্ত কলিতাই।

লগতে আজমলে সমগ্ৰ অসমীয়া নাৰী সমাজক অপমান কৰিছে বুলিও মন্তব্য কৰে বিধায়ক কলিতাই।

তেওঁ লগতে কয়- আমি মা কামাখ্যা আৰু গুৰুজনাৰ আশীৰ্বাদ লওঁ, য’ত প্ৰভু ৰামচন্দ্ৰৰ জন্ম হৈছিল, য’ত আমি সীতাক মা বুলি গন্য কৰো তেনে স্থলত আজমলে হিন্দু মহিলাৰ ওপৰত কৰা এনে মন্তব্য কেতিয়াও সহ্য নকৰো।

লগতে এনেধৰণৰ মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে বিধায়ক গৰাকীয়ে।

উল্লেখ্য যে, বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত হিন্দু-মুছলমানৰ তুলনা কৰি কৈছিল যে, মুছলমান যুৱকে ২২ বছৰ বয়সতে বিয়া পাতি গাৰ্হ্যস্থ জীৱন আৰম্ভ কৰে। মুছলমান যুৱতীয়েও চৰকাৰে বান্ধি দিয়া ১৮ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হয়।

কিন্তু হিন্দু যুৱকে ৪০ বছৰ বয়সলৈকে ২-৩ গৰাকীৰ সৈতে অবৈধ সম্পৰ্ক ৰাখে। সেই সময়ত সন্তান জন্ম হ’বও নিদিয়ে।

পিছত পৰিয়ালৰ হেঁচা বা ফান্দত ফঁচি ৪০ বছৰ বয়সত বিয়া পাতে হিন্দু যুৱকে।