আজমলৰ চুম্বনে কাল হ’ল কংগ্ৰেছ নেতাৰ, দলৰ পৰা ৬ বছৰৰ বাবে বহিস্কাৰ শ্বাহজাহান আলী…

মৌলনা বদৰুদ্দিন আজমলৰ চুম্বনে কাল হ’ল এগৰাকী কংগ্ৰেছ নেতাৰ।

দলৰ পৰা ৬ বছৰৰ বাবে বহিস্কাৰ হ’ল পুৰণি কংগ্ৰেছ নেতা। শ্বাহজাহান আলী।

দুই নাওত দুই ভৰি দিয়া কংগ্ৰেছী নেতা তথা বকোৰ সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য শ্বাহজাহান আলীক বহিস্কাৰ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা জিলা পৰিষদৰ সদস্য ছাহজাহান আলীক ৬ বছৰৰ বাবে বহিস্কাৰৰ জাননী প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, ৭ ডিচেম্বৰত AIUDF প্ৰধান বদৰ উদ্দিন আজমলে সোণতলীস্থিত ছাহজাহান আলীৰ ঘৰত উপস্থিত হৈ চাহ-জলপান কৰিছিল আৰু ছাহজাহান আলী ৰাজহুৱাভাৱে চুম্বন কৰিছিল।

তাৰ পিছতেই জোকৰণিৰ সৃষ্টি হৈছিল সমগ্ৰ কংগ্ৰেছ মহলত ৷

ইয়াৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে জিলা পৰিষদৰ সদস্য ছাহজাহান আলীক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা ৬ বছৰৰ বাবে বহিস্কাৰ কৰে।

এই ঘটনাৰ পিছতেই বকো কংগ্ৰেছ মহলত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।