আজমলে ৰাজনীতি পৰা বিদায় লওক, ৰাজনীতিত আহি সমাজত বিভেদ সৃষ্টি নকৰিবঃ কমলাক্ষ দে পুৰকায়স্থ

AIUDF প্ৰধান বদৰুদ্দিন আজমলত তীব্ৰ সমালোচনা কমলাক্ষ দে পুৰকায়স্থৰ।

বিধায়কজনে কয়, ‘বদৰুদ্দিন আজমলে ৰাজনীতি পৰা বিদায় লওক। ৰাজনীতিত আহি সমাজত বিভেদ সৃষ্টি নকৰিব।’

লগতে আজমলক ৰাজনীতিৰ পৰা বিদায় ল’বলৈ পৰামৰ্শ দিয়ে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে।

আনহাতে বিজেপি দলকো তীব্ৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে।

তেওঁ কয়, ‘BJP দলটো ভয়ংকৰ, তাত যোগদান কৰিলে জে’লত থকা দৰে থাকিব লাগে। কংগ্রেছৰ পৰা BJPলৈ যোৱা বিধায়কে প্রস্তাইছে। BJPত এজন মানুহক বন্দনা কৰিব লাগে।’

ইপিনে কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ প্ৰসংগত কমলাই দে পুৰকায়স্থই কয়, ‘উজনি অসমত ‘ভাৰত জোড়ো’ত মানুহৰ সংখ্যা বৃদ্ধি পাব। যোৰহাট, শিৱসাগৰকে ধৰি আমাৰ মেইন ষ্ট্ৰীমত আৰম্ভ হ’লে BJP–এ গম পাব।’

দেউৰী স্বায়ত্তশাসিত পৰিষদত কিনা-বেচা অস্বাভাৱিক নহয় বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।