
নিউজ ডেস্কঃ আজমলে যদি খৰছ দিয়ে তেন্তে হিন্দু মহিলাইও ১০টা ল’ৰা-ছোৱালী জন্ম দিব।
প্ৰথমবাৰৰ বাবে আজমল বিতৰ্কক লৈ মুখ খুলি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
যদি বদৰুদ্দিন আজমলে খৰছ দিয়ে তেন্তে হিন্দুৱেও ১০টাকৈ সন্তান জন্ম দিয়াত আপত্তি নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
যদি আজমলে সন্তান জন্ম দিয়াৰ খৰছ নিদিয়ে, তেন্তে আজমলে হিন্দু মহিলাক ১০টা সন্তান জন্ম দিয়াৰ কথা কোৱাৰ কোনো অধিকাৰ নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে হিন্দুৱে কম সন্তান জন্ম দিয়ে বাবেই আজি হিন্দুৰ সন্তান ডাক্তৰ-ইঞ্জিনিয়াৰ আৰু মুছলমানে বেছি সন্তান জন্ম দিয়ে বাবেই মুছলমানৰ সন্তান আজি জোনাব-মৌলবী হয় বুলিও প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে।
সন্তান জন্ম দি যদি বিদ্যালয়ত পঠিয়াব নোৱাৰে, পঢ়ুৱাব নোৱাৰে, তেন্তে সেইখন কেনে অসমৰ প্ৰতিচ্ছবি হ’ব বুলিও প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে হিন্দুৰ লগতে মুছলমান মহিলাসকলকো কম সন্তান জন্ম দিবলৈ আহ্বান জনায়।