আজব ঘটনা! ৩ কন্যা, ২ পুত্ৰসহ এবাৰতে ৫ সন্তান প্ৰসৱ মহিলাৰ

নিউজ ডেস্ক। এক আচৰিত ঘটনা। এগৰাকী মহিলাই একেলগে জন্ম দিলে ৫ টি সন্তান। যিটো বৰ্তমান সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে।

এই ঘটনা সংঘটিত হৈছে বিহাৰৰ চিৱান জিলাত।

অঞ্চলটোৰ মানুহে ইয়াক প্ৰকৃতিৰ বিস্ময় হিচাপে গণ্য কৰিছে।

জানিব পৰা মতে, চহৰখনৰ ২৮ নং ৱাৰ্ডৰ ইছমাইল শ্বাহিদ টাকিয়া মহল্লাৰ বাসিন্দা মহম্মদ ঝুন্নাৰ পত্নী ফুলজাহান খাতুনে দ্বিতীয়বাৰৰ বাবে মাতৃ হয়।

এইবাৰ তেওঁ চিৱান সদৰ চিকিৎসালয়ত ৩ গৰাকী কন্যা আৰু ২ টি পুত্ৰ সহ পাঁচটি সন্তান জন্ম দিয়ে।

চিকিৎসকৰ মতে, পাঁচোটা শিশু স্বাস্থ্যৱান আৰু চিকিৎসালয়ৰ তত্বাৱধানত আছে। এগৰাকী কন্যা শিশুৰ ওজন ১.১ কিলোগ্ৰাম হোৱাৰ বিপৰীতে বাকী শিশুৰ ওজন ১ কিলোগ্ৰাম। সকলো শিশুকে বৰ্তমান আইচিইউ ৱাৰ্ডত ৰখা হৈছে। চিকিৎসকসকলে শিশুসকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

চিৱান সদৰ চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত উপ অধীক্ষক ৰীতা সিনহাই কয় যে, পাঁচোটি শিশুৰ জন্ম চিজাৰিন প্ৰকাৰে হৈছিল। এই মুহূৰ্তত সকলোৱেই স্বাস্থ্যৱান। কিন্তু তেওঁলোকক পৰ্যৱেক্ষণত ৰখাটো গুৰুত্বপূৰ্ণ। সেইকাৰণে আমি নিৰন্তৰ তেওঁলোকৰ ওপৰত চকু ৰাখি আছো।

G0-copy

খবৰ অনুসৰি, ফুলজাহান খাতুনৰ ইতিমধ্যে এগৰাকী ৫ বছৰীয়া কন্যা সন্তান আছে।

ফুলজাহান খাতুনৰ স্বামীয়ে পূৰ্বতে বিদেশত কাম কৰিছিল। কিন্তু লকডাউনৰ পিছত তেওঁ চিৱানলৈ আহে আৰু তাতে কাম কৰিবলৈ আৰম্ভ কৰে।

উল্লেখ্য যে এই খবৰ বিয়পি পৰাৰ পিছতেই বহুতো লোক শিশু কেইটিক প্ৰত্যক্ষ কৰিবলৈ চিকিৎসালয়ত উপস্থিত হয়।

সাধাৰণতে যেতিয়া এনেদৰে বহুতো শিশু একেলগে জন্ম হয়, মানুহে ইয়াৰ সৈতে সম্পৰ্কিত তথ্যৰ বাবে আগ্ৰহেৰে চিকিৎসালয় বা প্ৰসূতি মহিলাৰ ঘৰত উপস্থিত হয়।

লগতে চাওকঃ মহিলাই একেলগে প্ৰসৱ কৰিলে ৪ সন্তান!

G2

Leave a Comment