
নিউজ ডেস্ক। ৰাইজে নখ জোকাৰিলে নৈ বয়। এই কথা প্ৰমাণ কৰি দেখুৱালে একাংশ ৰে’ল যাত্ৰীয়ে।
এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা এখন ৰে’লৰ কেইবাটাও ডবা ৰক্ষা কৰিবলৈ সক্ষম হ’ল ৰে’লখনেৰে যাত্ৰা কৰা যাত্ৰীসকলে।

দৰাচলতে শনিবাৰে পুৱা মিৰাটৰ চাহাৰনপুৰৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰা এখন যাত্ৰীবাহী ৰে’লত সংঘটিত হয় অগ্নিকাণ্ড। ৰে’লখনৰ ইঞ্জিন আৰু দুটা ডবাত জুই লগাৰ পিছত যাত্ৰীবাহী ৰে’লখন দৌৰালা ষ্টেছনত ৰখাই দিয়া হয় আৰু যাত্ৰীসকলে সুৰক্ষিতভাৱে বাহিৰ ওলাবলৈ সক্ষম হয়।
Fire broke out in a passenger train parked at Daurala station in Meerut, engine and one coach completely burnt, the rest of the bogies were cut and separated. @RailMinIndia pic.twitter.com/7S8mxVzDa3
— BHARAT GHANDAT (@BHARATGHANDAT2) March 5, 2022
কিন্তু যাতে ৰে’লখনৰ আন আন ডবাবোৰত জুই বিয়পি নপৰে, তাৰ বাবে ৰে’লযাত্ৰীসকলে তৎপৰতা দেখুৱাই ৰে’লকৰ্মীৰ সহযোগত ঠেলি ঠেলি ডবাসমূহ দূৰলৈ লৈ যায়।
এখন প্ৰকাণ্ড ৰে’ল ঠেলি নিয়াটো এক কথাত অকল্পনীয় যেন লাগিলেও সেয়া কৰি দেখুুৱাবলৈ সক্ষম হৈছিল শ শ ৰে’লযাত্ৰী আৰু ৰে’ল কৰ্মীয়ে।
এখন অটো বা সাধাৰণ গাড়ীৰ দৰে প্ৰকাণ্ড ৰে’লখন অগণন লোকে ঠেলি নিয়াৰ দৃশ্য সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে।
ये है एकता की शक्ति सभी लोगो न मिलकर धक्का लगाकर आग लगे डब्बे को ट्रेन से अलग किया एकता के शक्ति👍🏻👍🏻 #daurala_train_fire pic.twitter.com/HHJAFBQcea
— Jaswant Sarsewal (@SarsewalJaswant) March 5, 2022
ৰে’লৱে বিভাগৰ এক সূত্ৰই সদৰী কৰা মতে, যাত্ৰীবাহী ৰে’লখনত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ৰে’লখনৰ ইঞ্জিনৰ পৰা সূত্ৰপাত ঘটা জুইয়ে নিমিষতে দুটা ডবা ঘেৰি ধৰিছিল।

অৱশ্যে ৰে’লখনত দৌৰালা ষ্টেছনত ৰখাৰ পিছত যাত্ৰীসকল সুৰক্ষিতভাৱে বাহিৰ ওলাবলৈ সক্ষম হয়। ইফালে বতাহৰ বাবে ৰে’লখনত সংঘটিত জুই নিৰ্বাপন কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীক বহু সময়ৰ প্ৰয়োজন হয়।