এক আজৱ ঘটনা।
মৃত বুলি সৎকাৰ কৰিব লওঁতেই জী উঠিল এগৰাকী মহিল।
বিশ্বনাথৰ গলিয়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি সৎকাৰ কৰিবলৈ খৰি-খেৰ যোগাৰ কৰাৰ সময়তে পুনৰ জী উঠাৰ ঘটনাই বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে মূৰ-কাণৰ বিষৰ লগতে জণ্ডিচত আক্ৰান্ত হোৱাত বিভেন ভূঞাৰ পত্নী ছুমী ভূঞাক বিশ্বনাথ মহকুমা চিকিৎসালয়ত ভর্তি কৰোৱা হয়। কিন্তু ছুমীৰ অৱস্থাৰ অৱনতি ঘটাত দেওবাৰে নিশা চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।
কিন্তু বিভেনে পত্নীক উন্নত চিকিৎসাৰ বাবে নিবলৈ ব্যৱস্থা কৰি থকাৰ সময়তে ছুমী অচেতন হৈ পৰে।
এনে অৱস্থাত চুমীৰ মৃত্যু হোৱা বুলি ভাৱি বিভেনে তেওঁক ঘৰলৈ লৈ আনে। ইয়াৰ পাছত চুমীক ঘৰৰ বাহিৰতে থৈ মৃতদেহ সৎকাৰ কৰাৰ উদ্দেশ্যে সাঙী বনোৱাৰ লগতে শ্মশানত চিতা আদি সজাও হয়।
চুমীৰ আত্মীয়ও তেজপুৰৰ পৰা ঢপলিয়াই ভগ্নীৰ কাষত উপস্থিত হয়হি।
ইয়াৰ পাছত সাঙীত ভাৰ বন্ধাৰ সময়তে গাঁওখনৰ সচেতন লোকে ছুমীৰ মৃত্যু সন্দৰ্ভত প্রশ্ন কৰাৰ পাছত সন্দেহৰ বশৱৰ্তী হৈ চুমীৰ মুখত পানী দিয়াত জীয়াই থকাৰ কথা পোহৰলৈ আহে।
লগে লগে হুৱাদুৱা লাগে। তৎক্ষণাত ছুমীক পুনৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত প্ৰায় এঘণ্টা মৃত্যুৰে যুঁজি নিয়তিৰ ওচৰত হাৰ মানে।
ইয়াৰ পাছত স্থানীয় ৰাইজে মৃতদেহটো সৎকাৰ কৰে।
ইফালে মৃত্যু নোহোৱাকৈ মৃত্যু হোৱা বুলি এগৰাকী মহিলাক সৎকাৰ কৰাৰ পৰ্যায়লৈ নিয়া এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।