fbpx
অসমঅসমীয়া

আছে সান্দহ, চিৰা-দৈ, পায়স আৰু মাগুৰ মাছৰ জোল! মুখ্যমন্ত্ৰীক আদৰিবলৈ তৎপৰ বিধায়ক শশীকান্ত দাসৰ পৰিয়াল

নিউজ ডেস্ক। আজি ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ঘৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ ঘৰত মুখ্যমন্ত্ৰীৰ আগমণক লৈ সৃষ্টি হৈছে উখল মাখল পৰিৱেশৰ।

মুখ্যমন্ত্ৰীক আপ্যায়ন কৰিবলৈ সাজু হৈছে বিধায়কজনৰ পত্নী-পৰিয়াল।

1 9

মুখ্যমন্ত্ৰীৰ আপ্যায়নৰ বাবে প্ৰস্তুত কৰিছে লুচি-ভাজি। আজে সান্দহ আৰু চিৰা-দৈও। মুখ্যমন্ত্ৰীৰ আগমণৰ পিছত প্ৰথমে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ পিছত খাবলৈ দিয়া হ’ব এইসমূহ সুস্বাদু খাদ্য।

মুখ্যমন্ত্ৰীৰ বাবে শশীকান্তৰ ঘৰত বিশেষভাৱে ৰন্ধা হৈছে মাগুৰ মাছৰ জোল। মুখ্যমন্ত্ৰীয়ে যদি লুচি নাখাই ভাত খাব বিচাৰে, তেন্তে তাৰ বাবেও জহা চাউল সাজু কৰি থোৱা হৈছে।

মুখ্যমন্ত্ৰীৰ আপ্যায়নত ক্ৰুটি ৰখা নাই শশীকান্ত দাসৰ পৰিয়ালে। তেওঁৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে পায়স। আছে পকা অমিতাকে ধৰি অন্য ফল-মূলো।

উল্লেখ্য যে, জ্যেষ্ঠভাতৃসূলভ ভাৱে আজি ৰহা ভ্ৰমণৰ সময়ত শশীকান্ত দাসৰ ঘৰত মুখ্যমন্ত্ৰী উপস্থিত হৈছে বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে। মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰ কোনো ৰাজনৈতিক আলোচনা এই সময়ত আলোচনা নহয় বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে।

ইফালে মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ কালত তেওঁক সংগ দিছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই।

Related Articles

Leave a Reply

Back to top button