Skip to toolbar
Mon. Sep 21st, 2020

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক’ডি শইকীয়াইৰ সংবাদমেল।

সংবাদমেলত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন ৰাজনৈতিক দল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৃষক মুক্তিৰ সভাপতি গৰাকীৰ।

সংবাদমেলত ‘অসম জাতীয় পৰিষদ’ নামৰে নতুন আঞ্চলিক ৰাজনৈতিক দলটোক শুভেচ্ছা জ্ঞাপন কৰে সভাপতিগৰাকীয়ে।

কৃষক মুক্তিয়ে শুভেচ্ছা দিলে যদিও নতুন ৰাজনৈতিক দল গঠনত সুখী নহয় সংগঠনটো।

সভাপতিগৰাকীয়ে কয়- ‘আমাৰ নতুন দললৈ শুভেচ্ছা আছে যদিও কৃষক মুক্তি সংগ্ৰাম সমিতি সুখী নহয়।’

নেতা গৰাকীয়ে ‘আঞ্চলিক শক্তি ঐক্যবদ্ধ নোহোৱাতো ঐতিহাসিক ভুল’ বুলি সংবাদমেলত সদৰি কৰে।

আনহাতে, আছু-যুৱ ছাত্ৰক সংগঠনটোৱে ২০ছেপ্টেম্বৰলৈ অপেক্ষা কৰিব বুলিও জানিব দিয়ে।

ইয়াৰ পাছতো সঁহাৰি নাপালে কৃষক মুক্তি, অসমৰ সকলো জাতীয় সংগঠন, জনগোষ্ঠীয়-জনজাতীয় সংগঠন, কা-বিৰোধী ছাত্র সমাজ, শিল্পী সমাজ, বুদ্ধিজীৱি সমাজৰ সৈতে আলোচনাত মিলিত হ’ম। সঁহাৰি নাপালে আমি সকলো মিলি নতুন দল প্ৰস্তুত কৰিবলৈ বাধ্য হ’ম বুলি সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

আমাৰ উদাৰতাক দুৰ্বলতা বুলি নাভাবিব বুলি উল্লেখ কৰি শইকীয়াই কয়, ‘আছু আৰু এজেৱাইচিপি আমি একলগ হোৱাৰ আহ্বান জনাইছিলো যদিও মতাদৰ্শৰ প্ৰশ্নৰে মূল বিষয়ৰ পৰা তেওঁলোকে ফালৰি কাটি থাকিল।’