আছাম ৰাইফলছৰ সৈতে ৫ বছৰীয়া শিশুৱে পৰিৱেশন কৰিলে ৰাষ্ট্ৰীয় সংগীত, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এগৰাকী কণমানিয়ে পৰিৱেশন কৰিলে দেশৰ ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’।

তেওঁ সেনাৰ পোছাক পৰিধান কৰি আছাম ৰাইফলছৰ বিষয়া-জোৱানৰ সৈতে পৰিৱেশন কৰা সংগীতটো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এই কণমানি গৰাকী হৈছে মিজোৰামৰ লুংলেইৰ এস্থাৰ নামটে। তেওঁৰ বয়স মাত্ৰ ৫ বছৰ।

সামাজিক মাধ্যমত এই দৃশ্য এতিয়া জনপ্ৰিয় হৈ পৰিছে শিশু শিল্পীৰ কন্ঠত নিগৰিত এই গীতটি।

উল্লেখ্য যে এস্থাৰ নামটেই পূৰ্বতেও ‘বন্দে মাতৰম’ গীতটি পৰিৱেশন কৰিছিল। যিটো ইউটিউব শ্বেয়াৰ কৰাৰ পিছত সামাজিক মাধ্যমৰ বিভিন্ন ক্ষেত্ৰত ভাইৰেল হৈ পৰিছিল।

জ্যেষ্ঠ আইএএছ বিষয়া চােনল গােৱেলেও ফেচবুকত এই গীতটি শ্বেয়াৰ কৰি শিশু শিল্পীগৰাকীৰ প্ৰতিভাৰ শ’লাগ লৈছে।

Leave a Comment