আছাম ৰাইফলছৰ জোৱান প্ৰয়াত নৰেন চন্দ্ৰ দাসৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মঙ্গলবাৰে শোণিতপুৰ জিলাৰ বালিপাৰাৰ উদমাৰী গাঁৱস্থিত প্ৰয়াত অসম ৰাইফলছৰ জোৱান নৰেন চন্দ্ৰ দাসৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

চীন-ভাৰতৰ যুদ্ধৰ সময়ত ১৯৫৯ চনৰ ৩১ মাৰ্চত তিব্বতী ধৰ্মগুৰু দালাই লামাক ভাৰতলৈ সুৰক্ষিতভাৱে আগবঢ়াই আনিছিল তেতিয়াৰ অসম ৰাইফলছৰ জোৱান নৰেন চন্দ্ৰ দাসে।

FJ7m8ua-VIAQt-L

এইগৰাকী সাহসী জোৱানৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে আৰু প্ৰয়াত জোৱানগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

FJ7m8-V-VIAkt-ENQ

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদমাৰী গাঁৱৰ যাদৱ নাট্য মন্দিৰ আৰু নামঘৰ পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰে।

আনহাতে মঙ্গলবাৰে ৰঙাপৰাত ৯০.২৭ কোটি টকা ব্যয়ৰে নিৰ্মান কৰা ৮০৪.৭ মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেলৱে অভাৰব্ৰীজৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। এই অভাৰব্ৰীজখনে অঞ্চলটোক অধিক উন্নয়ণমুখী কৰি তুলিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

তদুপৰি ৰঙাপাৰাত চিকিৎসালয়, চাহ বাগিচাত বিদ্যালয় স্থাপন, ৰঙাপৰা মহাবিদ্যালয়ত বিজ্ঞান শাখা আৰম্ভ কৰা আদিকে ধৰি বিভিন্ন কাম-কাজ নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

FJ7m9-At-UYAQx-V-9

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ পল্লৱ লোচন দাস, বিধায়ক কৃষ্ণ কমল তাঁতী, পৃথিৰাজ ৰাভা আৰু গণেশ লিম্বু।

লগতে চাওকঃ

শোকাৱহ! দ খাৱৈত বাগৰি পৰিল বাহন, ৭ গৰাকী মেডিকেল ছাত্ৰৰ কৰুণ মৃত্যু

G10

Leave a Comment