
নিউজ ডেস্কঃ বন্ধুৰ সৈতে ঘটা সংঘাতৰ পিছতে বন্ধুৰ পৰিয়াললৈ অশ্লীল ফটো প্ৰেৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ছাত্ৰীক।
দিল্লীত সংঘটিত হোৱা এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
যুৱকজনৰ পৰিয়ালৰ অভিযোগৰ পিছতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৯ বৰ্ষীয় অভিযুক্ত ছাত্ৰীগৰাকীক।
অভিযোগ অনুসৰি, দিল্লীৰ এখন কলেজৰ ছাত্ৰীগৰাকীৰ কিছুদিন পূৰ্বে এগৰাকী সহপাঠী বন্ধুৰ সৈতে কোনো কাৰণত বিবাদ হৈছিল।
ইয়াৰ পিছতে ছাত্ৰীগৰাকীয়ে এটা ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি বন্ধুৰ ভগ্নী আৰু পৰিয়ালৰ আন সদস্যলৈ নিজৰেই অশ্লীল ফটো প্ৰেৰণ কৰে।
যাৰ পিছত পৰিয়ালৰ লোকে এই সম্পৰ্কে থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰে যুৱতীগৰাকীক।
ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।