অসম

আচাৰ্য পংকজ পাঠকক গ্ৰেপ্তাৰ…

অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল পংকজ পাঠক।

বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰৰ পৰা গ্ৰেপ্তাৰ পংকজ পাঠকক।

কালঝাৰৰ এজন লোকৰ ঘৰত আত্মগোপন কৰি আছিল পংকজ পাঠকে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকক।

image 213

জানিব পৰা মতে৷ বুধবাৰে দিনৰ ভাগত বৰপেটা চহৰৰ মুছলিমপট্টিৰ জনৈক মৃদুলৰ ঘৰত আশ্ৰয় লৈ আছিল পংকজ পাঠকে৷ কালঝাৰৰ এজন লোকৰ ঘৰত পংকজ পাঠকে নিশাটো কটোৱাৰ পৰিকল্পনা কৰিছিল৷

অৱশেষত মৃদুল নামৰ লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে পংকজ পাঠকক গ্ৰেপ্তাৰ কৰে৷

হাউলীৰ পৰা গুৱাহাটীলৈ অনা হ’ব মহিলাৰ বিৰুদ্ধে অসামাজিক মন্তব্য কৰা স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকক।

উল্লেখ্য য, ৰাজ্যৰ বিভিন্ন স্থানত পংকজ পাঠকৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ।

Related Articles

Back to top button