আগৰতলাৰ পৰা গুৱাহাটী অভিমুখী ৰে’লৰ পৰা জব্দ ১.৫ কিলাে সােণ, ধৃত ১

নিউজ ডেস্ক। বাংলাদেশ আৰু ম্যানমাৰৰ পৰা উত্তৰ পূৱৰ মাজেৰে দেশৰ বিভিন্ন ঠাইৰ উপৰি চুবুৰীয়া ভূটান, নেপাললৈ আদি দেশলৈ সােণৰ চােৰাং বেহা পূৰ্ণগতিত অব্যাহত আছে।

মংগলবাৰে অসমৰ সীমান্তৱৰ্তী ত্ৰিপুৰাৰ আগৰতলা ৰে’ল ষ্টেশ্বনৰ পৰা ৰে’ল আৰক্ষীয়ে ১.৫ কিলাে ওজনৰ সােণৰ ১৫ বিস্কুটসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

FruTgBaX0AEE7KV
আগৰতলাৰ পৰা গুৱাহাটী অভিমুখী ৰে’লৰ পৰা জব্দ ১.৫ কিলাে সােণ, ধৃত ১ 3

জব্দকৃৎ সােণৰ মূল্য আনুমানিক ৯১ লাখ টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

জানিব পৰা মতে, ধৃত লােকজনৰ নাম আবুল বচৰ (২৩), ঘৰ ত্ৰিপুৰাৰ সােণামূৰা আৰক্ষী থানাৰ অন্তৰ্গত নতুন বজাৰ এলেকাত।

ধৃত লােকজনে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰা অনুসৰি, কােনাে অজ্ঞাত লােকে তেওঁক এই সােণখিনি গুৱাহাটীলৈ লৈ যাবলৈ কৈছিল।

উল্লেখ্য যে ত্ৰিপুৰাৰ সীমান্তৱৰ্তী চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা সােণৰ চােৰাং বেহা বৃদ্ধি পাইছে। এই আন্তঃৰাষ্ট্ৰীয় চােৰাং সােণ সৰবৰাহকাৰী চক্ৰটােৱে বিভিন্ন উপায় অৱলম্বন কৰি ভাৰতৰ বিভিন্ন ৰাজ্যলৈ চােৰাং সােণৰ সৰবৰাহৰ অপচেষ্টা অব্যাহত ৰাখিছে।