আগন্তুক ৫ দিনলৈ অসম তথা উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ…

নিউজ ডেস্কঃ আগন্তুক ৫ দিনত প্ৰবল বৃষ্টিপাতে ধুৱাব অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল। এই আগজাননী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।

ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই এক বিবৃতি যোগে সদৰী কৰা মতে, আগন্তুক ৫ দিনত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰবল বৃষ্টিপাত হব পাৰে।

photo1662038052 1
আগন্তুক ৫ দিনলৈ অসম তথা উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ… 2

আইএমডিয়ে সদৰী কৰা মতে, বৰষুণৰ এই প্ৰকোপ অমৃতসৰ, ৰোহতক, বৰেলী, বাৰানসী, পাটনা, বালুৰঘাটৰ মাজেৰে পাৰ হৈ তাৰ পৰা পূব দিশেৰে উত্তৰ বাংলাদেশ আৰু অসমৰ ওপৰেৰে নাগালেণ্ডলৈ বিয়পি পৰিব।

ইয়াৰ প্ৰভাৱত আগন্তুক সময়ত উত্তৰ-পূবৰ ৰাজ্য অৰ্থাৎ অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন প্ৰান্তত প্ৰবল বৰষুণৰ লগতে ধুমুহা, বিজুলী আৰু ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।