আগন্তুক উত্তৰ প্ৰদেশৰ নিৰ্বাচনত অসমৰ কয়লা চিণ্ডিকেটৰ পৰা ৩০০ কোটি টকা দিবঃ অখিল গগৈ…

সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনৰ পূৰ্বেই বিধানসভাৰ বাহিৰত চৰকাৰক কঠোৰ সমালোচনা শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ মূৰব্বী অখিল গগৈৰ।

বিধানসভাৰ বাহিৰত সাংবাদিকৰ আগত কয় যে, অসম চৰকাৰ এতিয়া দেউলীয়া, লাওলোৱা অৱস্থা চৰকাৰৰ।এই চৰকাৰৰ দিনত সকলো অধঃপতনে গৈছে। কেন্দ্ৰৰ পৰা টকা আনিবলৈ সক্ষম নহয় এই চৰকাৰ। এনেকৈ হ’লে এবছৰৰ পিছত চৰকাৰী কৰ্মচাৰীক দৰমহা দিব নোৱাৰা হ’ব।

ইয়াৰোপৰি তেওঁ কয় যে এইবাৰ গৰম হ’ব বিধানসভা। ভূমি কেলেংকাৰীক লৈ সকলোৱে মাত মাতিব।

তেওঁ কয়, অসমত এতিয়া নৈৰাজ্যবাদ চলিছে। যি আছে সেইয়া হেলিকপ্টাৰত ঘূৰি শেষ কৰিব মুখ্যমন্ত্ৰীয়ে। তেওঁৰ স্পষ্ট অভিযোগ বিধায়ক পুঁজি পাব লগা মতে দিয়া নাই। পাব লাগে ১ কোটি , দিছে ৫৫ লাখ।

অখিল গগৈয়ে কয়, নভবা-নিচিন্তাকৈ এইখন চৰকাৰে বিল আনে। হিমন্ত বিশ্ব শৰ্মাই যি বিল আনে সকলো গণ্ডগোল। আগন্তুক উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ ৩০০ কোটি টকা অসমে দিব বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

কয়লা ছিণ্ডিকেটৰ টকাৰে অসমে উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ টকা যোগান ধৰিব বুলি মন্তব্য অখিল গগৈৰ।

Leave a Comment