
নিউজ ডেস্কঃ পুনৰ ৰাজ্যত সামাজিক সংকীৰ্ণতাৰ ঘটনা।
অব্ৰাহ্মণ যুৱতীক বিয়া কৰোৱাৰ বাবেই পিতৃৰ মৃতদেহ চুবলৈ দিয়া নহ’ল একমাত্ৰ পুত্ৰক।
এই লজ্জাজনক ঘটনা সংঘটিত হৈছে ওদালগুৰিৰ কলাইগাঁৱত।
জানিব পৰা মতে, প্ৰায় তিনি বছৰ পূৰ্বে এগৰাকী বৈশ্য উপাধিৰ যুৱতীক প্ৰেম বিবাহ কৰিছিল কলাইগাঁৱৰ নিৱাসী বিমল প্ৰসাদ শৰ্মাৰ একমাত্ৰ পুত্ৰ প্ৰাণজিৎ শাণ্ডিল্যই।
সেই অপৰাধতে ঘৰৰ পৰা পৰিয়ালে সম্পৰ্ক ছেদ কৰি উলিয়াই পঠিয়াইছিল প্ৰাণজিতক।
যাৰ বাবে পৰিয়ালৰ পৰা দূৰত পত্নীৰ সৈতে ভাড়াঘৰত থাকিবলগীয়া হৈছিল প্ৰাণজিত শাণ্ডিল্যই।
কিন্তু যোৱা ২৪ জানুৱাৰীত আকস্মিকভাৱে মৃত্যু ঘটে প্ৰাণজিতৰ পিতৃ বিমল প্ৰসাদ শৰ্মাৰ।
পৰিয়ালৰ লোকে তেওঁক এইকথা নজনালেও বন্ধুৰ জৰিয়তে জানিব পাৰি পিতৃক শেষ ৰীতি-নীতিৰে বিদায় দিবলৈ স্বগৃহত উপস্থিত হয় প্ৰাণজিত।
কিন্তু প্ৰাণজিতক ঘৰৰ চোতালত দেখিয়েই পুনৰ জাঙুৰ খাই উঠে পৰিয়ালৰ লোক।
পিতৃৰ শৱদেহ কান্ধত ল’বলৈ দিয়াৰ পৰিৱৰ্তে প্ৰাণজিতক অকথ্য ভাষাৰে গালিগালাজহে কৰে পৰিয়ালৰ লোকে।
যাৰ বাবে উপায়হীন হৈ এতিয়া কলাইগাঁও আৰক্ষীৰ কাষ চাপিছে প্ৰাণজিত।
যুৱকজনে তেওঁৰ খুড়াক ক্ৰমে- মৌজাদাৰ কমল প্ৰসাদ শৰ্মা, ব্যৱসায়ী উৎপল শৰ্মা আৰু ভনী জোঁৱাই প্ৰণৱজ্যোতি গোস্বামী আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।