নিউজ ডেস্কঃ ২৬/১১ৰ দৰে পুনৰ এবাৰ ৰক্তাক্ত হোৱাৰ আশংকা কৰা হৈছে মায়ানগৰী মুম্বাই। বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ সমুদ্ৰতীৰত দুখন নাওৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। সমান্তৰালভাৱে মহাৰাষ্ট্ৰত সন্ত্ৰাসবাদীয়ে কূটাঘাত সৃষ্টিৰ ষড়যন্ত্ৰ কৰাৰ সন্দেহো কৰা হৈছে।
জনিব পৰা মতে, বৃহস্পতিবাৰে ৰায়গড়ৰ হৰিহৰেশ্বৰ ঘাটত বৃহস্পতিবাৰে এখন যাত্ৰীবিহীন নাও উদ্ধাৰ কৰে ক’ষ্ট গাৰ্ড আৰু স্থানীয় আৰক্ষীয়ে। নাওখনৰ তালাচীৰ সময়ত তিনিটা একে-৪৭ ৰাইফলৰ লগতে বহু পৰিমাণৰ কাৰ্টিজ আৰু কিছু নথি উদ্ধাৰ হয়।

ইফালে বৰাডখোল অঞ্চলতো সাগৰ তীৰত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এখন লাইফবোট। যাত্ৰীবিহীন ভাৱে এনেদৰে অস্ত্ৰভৰ্তি নাও উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত এক বিশেষ সতৰ্কবাণী জাৰি কৰি তদন্ত আৰম্ভ কৰিছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কয়, “এতিয়াও নাওসমূহৰ সৈতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কোনো সম্পৰ্ক উদ্ধাৰ হোৱা নাই। কিন্তু আমি কোনো সম্ভাৱনাক নুই কৰা নাই। আৰক্ষীক সজাগ হ’বলৈ কোৱা হৈছে।”
Maharashtra | Security tightened in Raigad district and nearby areas after a suspected boat was found near Harihareshwar Beach. Police investigation underway. pic.twitter.com/UObgOxkB30
— ANI (@ANI) August 18, 2022
মহাৰাষ্ট্ৰৰ পৰ্যটন মন্ত্ৰী সুধীৰ মুংগনতিৱাৰে কয় যে ভাৰতলৈ অহা সেই নাওসমূহৰ উদ্দেশ্য তদন্তৰ পিছতহে জানিব পৰা যাব। তেওঁ কয়, ‘স্বাধীনতা দিৱসক লক্ষ্য কৰি সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল নে নাই সেয়া জানিব পৰা হোৱা নাই। কাৰ হৈ এই ঘটনা সংঘটিত হৈছে, এই ঘটনা কোনো সন্ত্ৰাসবাদীৰ সৈতে জড়িত নেকি, সেই বিষয়েও তদন্ত কৰা হ’ব। তদন্ত শেষ হোৱাৰ পিছতহে সকলো প্ৰশ্নৰ উত্তৰ দিয়া হ’ব। তেতিয়াহে পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত লোৱা হ’ব।”
প্ৰসংগক্ৰমে ২০০৮ চনত মুম্বাইত ২৬/১১ আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীয়ে পানীৰে ভাৰতত প্ৰৱেশ কৰিছিল। সেইবাবেই সমগ্ৰ ৰাইগড়তে জাৰি কৰা হৈছে এক্সট্ৰা এলাৰ্ট। অৱশ্যে ক’ষ্ট গাৰ্ড কমাণ্ডাৰ জেনেৰেল পৰমেশ শিৱমণিয়ে জনোৱা মতে, নাও দুখন ভাঁহি আহি ৰায়গড়ত উপস্থিত হয়। ২৬ জুনত ওমানত নাওখনৰ পৰা উদ্ধাৰ কৰা হৈছিল চাৰিজন যাত্ৰী। নাওখন চাগে আত্মৰক্ষাৰ বাবে সজ্জিত আছিল। ডুবাই আৰক্ষীৰ সৈতে যোগাযোগ কৰি এই তথ্য লাভ কৰা হৈছে।