fbpx
অসমীয়াৰাষ্ট্ৰীয়

আকৌ মাধমাৰ! পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য…

নিউজ ডেস্কঃ জনতাৰ মূৰত আকৌ মাধমাৰ।

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

দাম বৃদ্ধি কৰা হ’ল ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

১৪.২ কেজিৰ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত বৃদ্ধি পালে ৫০ টকাকৈ।

একেদৰে ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰত বৃদ্ধি কৰা হৈছে ৩৫০.৫০ টকাকৈ।

১ মাৰ্চৰ পৰা কাৰ্য্কৰী কৰা হৈছে এই নতুন নিৰিখ।

গুৱাহাটীত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’লগৈ ১১৫২ টকা।

আনহাতে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছেগৈ ২৩৬০ টকা।

Related Articles

Back to top button