
নিউজ ডেস্কঃ কিছু দিন পূৰ্বে মঞ্চত স্বৰচিত গীত পৰিৱেশন কৰি সমগ্ৰ ৰাজ্যৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰী।
নকলা কিয় তুমি শীৰ্ষক গীতেৰে সমষ্টিবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীক হাঁহিৰ খোৰাক দিয়া ৰমাকান্ত দেউৰী পুনৰ এবাৰ গায়কৰ ৰূপত থিয় হ’ল মঞ্চত।
এইবাৰ খোদ মুখ্যমন্ত্ৰীৰ সন্মুখতে মঞ্চত আন এটা স্বৰচিত গীত গালে বিধায়কজনে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহস্পতিবাৰে মৰিগাঁও ভ্ৰমণৰ সময়তে একেখন মঞ্চত গীত গাই পুনৰ এবাৰ শ্ৰোতা-দৰ্শকক হাঁহিৰ খোৰাক দিয়ে ৰমাকান্ত দেউৰীয়ে।
আনহে নালাগে, বিধায়কজনৰ কণ্ঠত স্বৰচিত গীত শুনি হাঁহি ৰখাব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, বিমল বৰাৰ লগতে মঞ্চৰ আন লোক সকলেও।
ৰমাকান্ত দেউৰীৰ গীতৰ এই ভিডিঅ’টোও এতিয়া সামাজিক মাধ্যমত বেচ চৰ্চিত হৈছে।