
নিউজ ডেস্কঃ ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হ’ব মিঞা মিউজিয়াম স্থাপনৰ পিছতে গ্ৰেপ্তাৰ হোৱা আব্দুল বাতেন, মহৰ আলী আৰু গিয়াছুদ্দিনৰ নাম।
মিঞা মিউজিয়াম প্ৰসংগত পুনৰ এবাৰ এই বিতৰ্কিত মন্তব্য শ্বেৰমান আলী আহমেদৰ।
গোৱালপাৰা জিলাৰ লক্ষীপুৰত সদৌ অসম মিঞা পৰিষদে স্থাপন কৰা মিঞা মিউজিয়ামৰ সমৰ্থনত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে শ্বেৰমান আলীয়ে।
আনহাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞাৰ দুই-এপদ সম্পদ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈও দাবী জনায় বিতৰ্কিত বিধায়কজনে।
কেৱল এয়াই নহয়, ২৬ জানুৱাৰীৰ পেৰেডতো মিঞা সংস্কৃতি প্ৰদৰ্শনৰ দাবী উত্থাপন কৰে শ্বেৰমান আলীয়ে।
মিঞাৰ সপক্ষত তেওঁ কয়, ‘মিঞাৰ বিষয়ে বেয়াকৈ ক’লে যাৰ বুকু বিষায়, সেইজনেই প্ৰকৃত মিঞা।’
গ্ৰেপ্তাৰ হোৱা কেইজনক নেলছন মেণ্ডেলাৰ উদাহৰণ দি ধৈৰ্য্য ধৰিবলৈ আহ্বান শ্বেৰমান আলী আহমেদৰ।