fbpx
অসমীয়াঅসম

আকৌ ঘোচ কাণ্ড! একেদিনাই ঘোচ লৈ গ্ৰেপ্তাৰ একেটা কাৰ্যালয়ৰ দুজনকৈ চৰকাৰী কৰ্মচাৰী…

নিউজ ডেস্কঃ আকৌ ঘোচ কাণ্ড!

একেদিনাই একেটা কাৰ্যালয়ৰ পৰা ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ দুজনকৈ চৰকাৰী কৰ্মচাৰী।

এইবাৰ গোৱালপাৰাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

অভিযানত প্ৰথমেই ঘোচ লৈ গ্ৰেপ্তাৰ স্বাস্থ্য সহায়ক দীপজিৎ সৰকাৰ।

জিপিআৰ ড্ৰাগছ লাইচেন্স প্ৰদানৰ নামত ১০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰীজন।

ইফালে ইয়াৰ পিছতে একেটা কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ হ’ল আন এজন চৰকাৰী কৰ্মচাৰী।

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় আনছাৰ আলী নামৰ আনজন চৰকাৰী কৰ্মচাৰীও।

Related Articles

Back to top button