নিউজ ডেস্কঃ আকৌ বিতৰ্কত অসমৰ সংগীত পৰিচালক অজয় ফুনক। আকৌ উত্থাপন হৈছে গান চুৰিৰ অভিযোগ।
এইবাৰ জুবিন গাৰ্গ বিলকিছ ইনামৰ দ্বৈত কণ্ঠৰ এটা গীত অনুমতি বিহীনভাৱে থিয়েটাৰক প্ৰদান কৰাৰ অভিযোগ অজয় ফুকনৰ বিৰুদ্ধে।
প্ৰতিভাৱান গায়িকা বিলকিছ ইনামে প্ৰযোজনা কৰা ‘তুমি এটি তৰা’ শীৰ্ষক গীতটোৰ সংগীত দিছিল অজয় ফুকনে।
গীতটোত বিলকিছৰ সৈতে একেলগে কণ্ঠদান কৰিছিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।
৯ মাহ পূৰ্বে নিজৰ ইউটিউব চেনেলযোগে গীতটো মুকলি কৰিছিল বিলকিছ ইনামে।
কিন্তু অনুমতিবিহীনভাৱে অতি গোপনে গীতটো ভাগ্যদেৱী থিয়েটাৰক প্ৰদান কৰাৰ অভিযোগ অজয় ফুকনৰ বিৰুদ্ধে।
এই সম্পৰ্কে বিলকিছ ইনামে ফোনযোগে অজয় ফুকনক সোধাত আশ্ৰব্য গালি-গালাজ কৰাৰ লগতে কেৰিয়াৰ ধ্বংস কৰি দিয়াৰ ভাবুকি অজয় ফুকনৰ।
ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অজয় ফুকন আৰু বিলকিছ ইনামৰ মাজৰ এটা ফোন ৰেকৰ্ডিং।
জানিব পৰা মতে, গীতটোত সংগীত দিয়াৰ বাবে অজয় ফুকনে লৈছিল ৩০ হাজাৰ টকা।
কিন্তু গীতটো অনুমতি নোলোৱাকৈ এনেদৰে থিয়েটাৰত তেওঁ প্ৰদান কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।