আকৌ খাকী পোছাকলৈ অভিযোগৰ আঙুলি! এইবাৰ মহানগৰীত ৪ বছৰীয়া কণমানিক অকাৰণত অশ্লীল গালি-গালাজৰ অভিযোগ SI প্ৰহ্লাদ দাসৰ বিৰুদ্ধে…

নিউজ ডেস্কঃ পুনৰ খাকী পোছাকৰ ওপৰত উঠিল অভিযোগৰ আঙুলি।

এইবাৰ মহানগৰীত এটি ৪ বছৰীয়া শিশুক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

ভৰলু আৰক্ষী থানাৰ উপ-পৰিদৰ্শক প্ৰহ্লাদ দাসৰ বিৰুদ্ধে উত্থাপন এই অভিযোগ।

অভিযোগ অনুসৰি, ভূতনাথৰ নিৱাসী টিএমচি নেতা ৰাজীৱ আলীৰ পুত্ৰক অকাৰণত অকথ্য গালি-গালাজ কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে।

দুপৰীয়া ঘৰৰ সন্মুখত শিশুটিয়ে গীত গাই গাই খেলি থকাৰ সময়তে সেই সময়ত বাটেৰে গৈ থকা এছ আই প্ৰহ্লাদ দাসে বেয়াকৈ গালি-গালাজ কৰে শিশুটিক।

আৰক্ষী বিষয়াজনৰ আচৰণত ভীতিগ্ৰস্ত হৈ শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত শিশুটিক ভৰ্তি কৰোৱা হয় মাৰোৱাৰী হাস্পতালত।

ইফালে পৰিয়ালে টুইটযোগে আৰক্ষী বিষয়া প্ৰহ্লাদ দাসৰ বিৰুদ্ধে উত্থাপন কৰে অভিযোগ।

মহানগৰ আয়ুক্তকো এই বিষয়ত অভিযোগ দাখিল কৰিছে শিশুটিৰ পিতৃ-মাতৃয়ে।