
নিউজ ডেস্কঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।
এইবাৰ মহানগৰীত মোবাইল চোৰৰ অভিযুক্তলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ।
নিশা বামুনীমৈদামত সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ মতে, দুই মোবাইল চোৰে আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।
বৰ্তমান গুলীবিদ্ধ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে মোবাইল চুৰিৰ অভিযুক্ত মুকেশ কুমাৰ আৰু আন এজন।
ইফালে আৰক্ষীৰ এই এনকাউণ্টাৰক লৈ হাস্পতালৰ বিচনাৰ পৰা বিস্ফোৰক অভিযোগ অভিযুক্ত মুকেশ কুমাৰৰ।
কোনো কাৰণ নোহোৱাকৈ আৰক্ষীয়ে গুলীচালনা কৰাৰ অভিযোগ অভিযুক্তজনৰ।
তেওঁ কোনো ধৰণৰ চৌৰ্য বৃত্তিৰে জড়িত নহয় বুলিও দাবী মুকেশ কুমাৰৰ।
অভিযুক্তজনৰ মতে, কিছুদিন পূৰ্বে তেওঁৰ পৰিয়ালৰ লোকে ক্ৰয় কৰিছিল এটা চেকেণ্ডহেণ্ড মোবাইল ফোন।
বৃহস্পতিবাৰে মোবাইলত চিমকাৰ্ড ভৰোৱাৰ পিছতে আৰক্ষীয়ে আটক কৰে তেওঁক।
ইয়াৰ পিছতে বামুনীমৈদামলৈ নি গাড়ীত বহি থকা সময়তে এনকাউণ্টাৰ কৰে আৰক্ষীয়ে।
তেওঁ পলায়নৰ চেষ্টা কৰা নাছিল বুলিও দাবী কৰে মুকেশ কুমাৰে।
আৰক্ষীৰ এই এনকাউণ্টাৰক লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।