আকৌ উৎকোচ কাণ্ড! বসুন্ধৰা আঁচনিৰ বাবদ ধন দাবী কৰি নিলম্বিত হ’ল লাটমণ্ডল মণিধৰ মাউট…

নিউজ ডেস্কঃ চৰকাৰী বসুন্ধৰা আঁচনিৰ বাবে উৎকোচ দাবী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে নিলম্বন কৰা হ’ল এগৰাকী লাট মণ্ডলক।

তিনিচুকীয়া জিলাৰ উপায়ুক্তই নিলম্বন কৰে লাট মণ্ডল মণিধৰ মাউটক।

অভিযোগ অনুসৰি, মাটি-বাৰীৰ কাম কৰি দিয়াৰ বাবদ সাধাৰণ জনতাৰ পৰা ধন দাবী কৰি আহিছিল ডুমডুমাৰ এইগৰাকী লাটমণ্ডল মণিধৰ মাউটে।

শেহতীয়াকৈ দুৰ্নীতিগ্ৰস্ত লাটমণ্ডলগৰাকীৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰাৰ পিছতে জিলা উপায়ুক্তই নিলম্বন কৰে মণিধৰ মাউটক।

উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ দাবী কৰাৰ সময়তে এনেদৰে ধন দাবী কৰি এগৰাকী চৰকাৰী কৰ্মচাৰী নিলম্বিত হোৱাৰ ঘটনাই চৰ্চা লাভ কৰিছে সমগ্ৰ ৰাজ্যত।