
নিউজ ডেস্ক। আকাশৰ পৰা সৰি পৰিল প্ৰকাণ্ড ৰিং আৰু গোলক।
এই আশ্চৰ্যকৰ ঘটনাৰ স্থান মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ সিন্ধৱাহী তহচিল।
জানিব পৰা মতে, তহচিলৰ দুখন গাঁৱত শনিবাৰে নিশা আকাশ মাৰ্গৰ পৰা এটা ৩ মিটাৰ ব্যাসাৰ্ধৰ ৰিং আৰু এটা গোলক সৰি পৰে।

তহচিলদাৰ গণেশ জগদালে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰা মতে, শনিবাৰে সন্ধিয়া প্ৰায় ৭.৫০ বজাত লাডবোৰী গাঁৱৰ এটা মুকলি প্লটত প্ৰত্যক্ষ হয় এটা লোৰ ৰিং।
স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, লোৰ ৰিংটো পূৰ্বে সেই স্থানত নাছিল, যাৰ বাবে সেইটো আকাশ মাৰ্গৰ পৰা সৰি পৰাৰ সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজে ৰিংটোৰ বিষয়ে মুম্বাইৰ দুৰ্যোগ ব্যৱস্থাপনা নিয়ন্ত্ৰণ কক্ষক অৱগত কৰে।
ইফালে একেটা তহচিলৰে আন এখন গাঁৱত আকাশ মাৰ্গৰ পৰা এটা একৰ পৰা ডেৰ ফুট ব্যাসাৰ্ধৰ গোলক সৰি পৰা বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত জিলা দণ্ডাধীশে কয়, “আমি জিলাখনৰ প্ৰতিখন গাওঁলৈ কনিষ্ঠ ৰাজহ বিষয়া প্ৰেৰণ কৰিছো যাতে কোনো গাঁৱত আন কোনো সামগ্ৰী পৰিছে নেকি জানিব পাৰি। কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে শনিবাৰে সন্ধিয়া উত্তৰ মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ কেইখনমান জিলাত আকাশৰ পৰা অচিনাক্ত বস্তু সৰি পৰাৰ বিষয়ে খবৰ দিছে।’’
#Maharashtra #asteroids #Chinese rocket #Metaverse #meteor #science #vidharbha #nagpur #NASA #ISRO #Maharashtra pic.twitter.com/ZldSnJSZwM
— अभिजीत (@AbhijitPulo) April 2, 2022
পূব মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ এজন স্থানীয় চৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে, নিশা প্ৰায় ৮.৩০ বজাত সিন্ধৱাহী তহচিলৰ লাডবোৰি গাঁৱত এটা এলুমিনিয়াম আৰু ষ্টীলৰ বস্তু তেওঁৰ ওপৰত পৰিছিল। মহাৰাষ্ট্ৰৰ বুলধানা, আকোলা আৰু জলগাঁও জিলাত সন্ধিয়া প্ৰায় ৭.৩০ বজাত আৰু চুবুৰীয়া মধ্য প্ৰদেশৰ বৰৱানী, ভূপাল, ইন্দোৰ, বেতুল আৰু ধাৰ জিলাতো একে ধৰণৰ দৃশ্য প্ৰত্যক্ষ হোৱাৰ বিষয়ে জানিব পৰা গৈছে।
আকাশ মাৰ্গৰ পৰা এনেদৰে নানন সামগ্ৰী সৰি পৰাক লৈ ৰহস্যৰ সৃষ্টি হৈছে যদিও বিশেষজ্ঞসকলে এই সমূহ পৃথিৱীৰ বায়ু মণ্ডলত প্ৰৱেশ কৰা উল্কাপিণ্ড বা ৰকেট বুষ্টাৰৰ টুকুৰা বুলি অনুমান কৰিছে।
A blazing streak of light was seen in the night sky over several parts of Maharashtra on Saturday. A fireball like structure was also seen from some of the part of Gujarat, Madhya Pradesh and other regions of the India.#meteor #Meteorshower pic.twitter.com/YFaCEdAxUC
— Ajay Agarkar (@ajagrkr) April 3, 2022
আকাশৰ পৰা সৰি পৰিল প্ৰকাণ্ড ৰিং আৰু গোলক। এই আশ্বৰ্যকৰ ঘটনাৰ স্থান মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ সিন্ধৱাহী তহচিল। জানিব পৰা মতে, তহচিলৰ দুখন গাঁৱত শনিবাৰে নিশা আকাশ মাৰ্গৰ পৰা এটা ৩ মিটাৰ ব্যাসাৰ্ধৰ ৰিং আৰু এটা গোলক সৰি পৰে।
তহচিলদাৰ গণেশ জগদালে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰা মতে, শনিবাৰে সন্ধিয়া প্ৰায় ৭.৫০ বজাত লাডবোৰী গাঁৱৰ এটা মুকলি প্লটত প্ৰত্যক্ষ হয় এটা লোৰ ৰিং। স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, লোৰ ৰিংটো পূৰ্বে সেই স্থানত নাছিল, যাৰ বাবে সেইটো আকাশ মাৰ্গৰ পৰা সৰি পৰাৰ সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজে ৰিংটোৰ বিষয়ে মুম্বাইৰ দুৰ্যোগ ব্যৱস্থাপনা নিয়ন্ত্ৰণ কক্ষক অৱগত কৰে।
ইফালে একেটা তহচিলৰে আন এখন গাঁৱত আকাশ মাৰ্গৰ পৰা এটা একৰ পৰা ডেৰ ফুট ব্যাসাৰ্ধৰ গোলক সৰি পৰা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত জিলা দণ্ডাধীশে কয়, “আমি জিলাখনৰ প্ৰতিখন গাওঁলৈ কনিষ্ঠ ৰাজহ বিষয়া প্ৰেৰণ কৰিছো যাতে কোনো গাঁৱত আন কোনো সামগ্ৰী পৰিছে নেকি জানিব পাৰি। কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে শনিবাৰে সন্ধিয়া উত্তৰ মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ কেইখনমান জিলাত আকাশৰ পৰা অচিনাক্ত বস্তু সৰি পৰাৰ বিষয়ে খবৰ দিছে।’’
পূব মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ এজন স্থানীয় চৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে, নিশা প্ৰায় ৮.৩০ বজাত সিন্ধৱাহী তহচিলৰ লাডবোৰি গাঁৱত এটা এলুমিনিয়াম আৰু ষ্টীলৰ বস্তু তেওঁৰ ওপৰত পৰিছিল। মহাৰাষ্ট্ৰৰ বুলধানা, আকোলা আৰু জলগাঁও জিলাত সন্ধিয়া প্ৰায় ৭.৩০ বজাত আৰু চুবুৰীয়া মধ্য প্ৰদেশৰ বৰৱানী, ভূপাল, ইন্দোৰ, বেতুল আৰু ধাৰ জিলাতো একে ধৰণৰ দৃশ্য প্ৰত্যক্ষ হোৱাৰ বিষয়ে জানিব পৰা গৈছে।
আকাশ মাৰ্গৰ পৰা এনেদৰে নানন সামগ্ৰী সৰি পৰাক লৈ ৰহস্যৰ সৃষ্টি হৈছে যদিও বিশেষজ্ঞসকলে এই সমূহ পৃথিৱীৰ বায়ু মণ্ডলত প্ৰৱেশ কৰা উল্কাপিণ্ড বা ৰকেট বুষ্টাৰৰ টুকুৰা বুলি অনুমান কৰিছে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

দৃষ্টিহীন সকলক এতিয়া আৰু নালাগে হাতৰ লাখুটি ডাল, অংকুৰিতে সাজি উলিয়াইছে এযোৰ স্মাৰ্ট জোতা…
