নিউজ ডেস্কঃ আকাশমাৰ্গতে দুৰ্ঘটনাগ্ৰস্ত বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকাৰ দুখন অত্যাধুনিক ব্লেক হক হেলিকপ্টাৰ।
কেণ্টাকিত আকাশ মাৰ্গতে দুয়োখন সেনাৰ হেলিকপ্টাৰৰ মাজত সংঘটিত হয় সংঘৰ্ষ।
এই ভয়ংকৰ দুৰ্ঘটনাত ৯ জন লোকে প্ৰাণ হেৰুৱায় বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ব্লেক হক হৈছে এখন ফ্ৰণ্ট লাইন ইউটিলিটি হেলিকপ্টাৰ।
ভিয়েটনাম যুদ্ধৰ সময়ত প্ৰশিক্ষণৰ বাবে আমেৰিকাই প্ৰস্তুত কৰিছিল এই হেলিকপ্টাৰ।
আমেৰিকাৰ বহু বন্ধুত্বপূৰ্ণ দেশৰ বিশেষ বাহিনীয়ে সমগ্ৰ বিশ্বতে এনে হেলিকপ্টাৰ ব্যৱহাৰ কৰে।
অধিক গতি আৰু অত্যাধুনিক কাৰিকৰীৰ বাবে এই হেলিকপ্টাৰসমূহ বিশেষ অভিযান সম্পন্ন কৰাত ফলপ্ৰসূ বুলি বিবেচিত হৈ আহিছে।
এখন ব্লেক হকৰ ৰেঞ্জ ১৩৮১ মাইল পৰ্যন্ত হয়। এবাৰ ইন্ধন ভৰালে কেইবা শ কিলোমিটাৰ এই হেলিকপ্টাৰেৰে যাত্ৰা কৰা সম্ভৱ।
আমেৰিকাৰ সেনাই দাবী কৰা মতে, ইয়াৰ বাহ্যিক কাৰ্গো হুকটোৰ সহায়ত ব্লেক হকে ৮ হাজাৰ পাউণ্ড ওজনৰ বস্তু তুলিব পাৰে।
এই হেলিকপ্টাৰখনতো এনে বহু বন্দুক লগোৱা হয়, যাৰ সহায়ত কেইবা কিলোমিটাৰৰ লক্ষ্যত আঘাত কৰিব পাৰি। এই হেলিকপ্টাৰসমূহ নিশাও সহজে ব্যৱহাৰ কৰিব পৰা যায়।
উল্লেখ্য যে, বিশ্বৰ আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ওছামা বিন লাডেনক হত্যা কৰিবলৈও আমেৰিকাই ব্লেক হক হেলিকপ্টাৰ ব্যৱহাৰ কৰিছিল।