অসমীয়াঅসম

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমীয়া বুলেটিন বন্ধ কৰি অসমীয়া ভাষাক নিঃশেষ কৰিব বিচৰা হৈছেঃ সাহিত্যিক নগেন শইকীয়া

নিউজ ডেস্কঃ অসমীয়া ভাষা আৰু সংস্কৃতিক নিশ্চিহ্ন কৰাৰ দিশে আগবাঢ়ি এইবাৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰযোগে সম্প্ৰচাৰিত হৈ অহা অসমীয়া বুলেটিনখনি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে প্ৰসাৰ ভাৰতীয়ে।

ব্যয় সংকোচনৰ দোহাই দি প্ৰসাৰ ভাৰতীয়ে আকাশবাণী ডিব্ৰুগড়যোগে সন্ধিয়া ৬ বজাত প্ৰচাৰিত হোৱা আঞ্চলিক বাতৰিৰ বুলেটিনখন ২৫ অক্টোবৰৰ পৰা বন্ধ কৰাৰ বিবৃতি জাৰি কৰিছে।

প্ৰসাৰ ভাৰতীৰ এই অসমীয়া ভাষাবিৰোধী সিদ্ধান্তক লৈ অসম চৰকাৰ অথবা জাতীয়তাবাদী দল সংগঠন নিমাত হৈ থাকিলেও ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত।

বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াইও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰসাৰ ভাৰতীৰ সিদ্ধান্তৰ বিৰোধিতা কৰে।

আকশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত অসমীয়া বাতৰিৰ বুলেটিনখনৰ সম্প্ৰচাৰ বন্ধ কৰি অসমীয়া ভাষা নিঃশেষ কৰিব বিচৰা বুলি মন্তব্য কৰে সাহিত্যিক নগেন শইকীয়াই।

অসমৰ দৰে পশ্চিমবংগ বা তামিলনাডুত প্ৰসাৰ ভাৰতীয়ে স্থানীয় ভাষাৰ বুলেটিন বন্ধ কৰিব পাৰিব নে বুলিও প্ৰশ্ন কৰে সাহিত্যিক গৰাকীয়ে।

তেওঁ কয় যে বৃটিছে আহি অসমীয়াৰ ওপৰত বঙালী ভাষা জাপি দিছিল। তাৰ পিছত অসমীয়াই ৩৪ বছৰ যুঁজ দি পুনৰ নিজৰ ভাষাটো ওভতাই পাইছিল। কিন্তু এতিয়া অসমীয়া ভাষাক আঁতৰাই হিন্দী বলয় নমাব বিচৰা হৈছে।

উল্লেখ্য যে, বিগত কিছু সময়ত অসমীয়া ভাষাৰ ওপৰত সংঘটিত হৈ আহিছে ইটোৰ পিছত সিটো আক্ৰমণ।

কিছদিন পূৰ্বে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক বাহাল ৰাখি ৰায় প্ৰদান কৰিছিল উচ্চ ন্যায়ালয়ে।

তাৰ পিছতে এইবাৰ ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমীয়া ভাষাৰ বুলেটিনখন কেৱল ব্যয় সংকোচনৰ দোহাই দি বন্ধ কৰিব বিচৰা হৈছে। যাৰ বাবে সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

Related Articles

Back to top button