আকশমাৰ্গত চলন্ত বিমানত মাটিৰ পৰা গুলীবৰ্ষণ! আহত এজন যাত্ৰী

নিউজ ডেস্কঃ আকাশ মাৰ্গত উৰণৰ সময়তে মাটিৰ পৰা চালনা কৰা গুলীত আহত হ’ল এগৰাকী বিমান যাত্ৰী।

ম্যানমাৰত সংঘটিত এই ঘটনাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

সমান্তৰালভাৱে শত্ৰুৰ আক্ৰমণক লৈও দেশখনত বৃদ্ধি পাইছে আশংকা।

জানিব পৰা মতে, ম্যানমাৰ এয়াৰলাইনছৰ এখন যাত্ৰীবাহী বিমান সমুদ্ৰ পৃষ্ঠৰ পৰা ৩,৫০০ ফুট উচ্চতাত আকাশ মাৰ্গেৰে উৰি থকাৰ সময়তে তলৰ পৰা নিক্ষেপ কৰা এটা গুলী বিমানখনৰ গুৰুত্বপূৰ্ণ অংশৰে প্ৰৱেশ কৰি এজন যাত্ৰীৰ গাত লাগে।

image 24
আকশমাৰ্গত চলন্ত বিমানত মাটিৰ পৰা গুলীবৰ্ষণ! আহত এজন যাত্ৰী 3

ইয়াৰ পিছতে লৌকাও বিমান বন্দৰত বিমানখন অৱতৰণৰ লগে লগে আহত যাত্ৰীজনক হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

বিমান বন্দৰত ইতিমধ্যে অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে সকলো ধৰণৰ বিমানৰ উৰণ আৰু অৱতৰণ।

image 25
আকশমাৰ্গত চলন্ত বিমানত মাটিৰ পৰা গুলীবৰ্ষণ! আহত এজন যাত্ৰী 4

ম্যানমাৰ সেনা চৰকাৰে বিমানলৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাৰ আঁৰত কায়াহ ৰাজ্যত থকা বিদ্রোহী সংগঠনক জগৰীয়া কৰিছে।

কিন্তু সামৰিক বাহিনীৰ এই দাবী অস্বীকাৰ কৰিছে বিদ্ৰোহী সংগঠন কাৰেনি নেচনেল প্ৰগ্ৰেচিভ পার্টিয়ে।