অসম
আই নৈৰ বুকুত উদ্ধাৰ ডুবন্ত বাহন, বাহনৰ ভিতৰত সাংবাদিকসহ দুই যুৱকৰ মৃতদেহ…

এক শোকাৱহ ঘটনা।
আই নৈৰ বুকুত উদ্ধাৰ এখন ডুবন্ত বাহন।
বাহনৰ ভিতৰত উদ্ধাৰ সাংবাদিকসহ দুই যুৱকৰ মৃতদেহ।
বঙাইগাঁৱৰ বৰঘোলাত সংঘটিত হৈছে এই কৰুণ দুৰ্ঘটনাটো।
পুৱা বৰঘোলাত আই নৈৰ ওপৰত অৰ্ধনিৰ্মিত দলঙৰ তলত উদ্ধাৰ হয় বাহনখন৷ নৈৰ বুকুত উদ্ধাৰ বাহনখনৰ ভিতৰত উদ্ধাৰ হয় দুই যুৱকৰ মৃতদেহ৷
নিহত যুৱকদ্বয় আব্দুল লতিফ আৰু দিপাংকৰ ৰায়।
আব্দুল লতিফ দৈনিক বাতৰি কাকত এখনৰ সাংবাদিক বুলি জানিব পৰা গৈছে৷
নিশা স্থানীয় সাংস্কৃতিক অনুষ্ঠানত উপস্থিত আছিল দুয়োগৰাকী যুৱক৷
পৰৱৰ্তী সময়ত এইদৰে নৈৰ বুকুত বাহনৰ ভিতৰত স্থানীয় যুৱকদ্বয়ৰ মৃতদেহ ৰহস্যজনভাৱে উদ্ধাৰ হয়৷