নিউজ ডেস্কঃ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় মোবাইল নিৰ্মাতা কোম্পানী এপলৰ ‘ফাইণ্ড মাই আইফোন’ ফিচাৰৰ বাবেই প্ৰাণ ৰক্ষা পৰিল এগৰাকী মহিলাৰ।
পাহাৰৰ পৰা ২০০ ফুট তলত গাড়ীসহ বাগৰি পৰা মহিলাগৰাকীৰ আইফোনৰ ‘ফাইণ্ড মাই আইফোন’ ফিচাৰ ব্যৱহাৰ কৰিয়েই পৰিয়ালৰ লোকে বিচাৰি উলিয়ালে দুৰ্ঘটনাগ্ৰস্ত মহিলাগৰাকীক।
এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ কেলিফৰ্ণিয়াত।

মহিলাগৰাকীৰ পৰিয়ালে জানিবলৈ দিয়া মতে, যোৱা ২৬ ডিচেম্বৰত পৰিয়ালৰ এক অনুষ্ঠান চলি থকাৰ মাজতে মহিলাগৰাকীয়ে ঘৰৰ পৰা ওলাই আহিছিল।
কিন্তু পিছদিনালৈকে মহিলাগৰাকীৰ সৈতে কোনো যোগাযোগ নোহোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে।
তাৰ পিছতে আইফোনত উপলব্ধ ‘ফাইণ্ড মাই আইফোন’ ফিচাৰ ব্যৱহাৰ কৰি মহিলাগৰাকীৰ উপস্থিতি পথৰ পৰা প্ৰায় ২০০ ফুট তলত ধৰা পেলায় পৰিয়ালৰ লোকে।

ইয়াৰ পিছতে আৰক্ষীৰ সৈতে ৯১১ নম্বৰত যোগাযোগ কৰাত ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ভিতৰৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মহিলাগৰাকীক পৰৱৰ্তী সময়ত হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ সংকটমুক্ত বুলি জানিব পৰা গৈছে।