আইচ ক্ৰীমত বিহ মিহলাই মহিলাই কৰিব বিচাৰিছিল আত্মহত্যা! কিন্তু প্ৰাণ গ’ল পুত্ৰ আৰু ভগ্নীৰ

আইচ ক্ৰীমত বিহ মিহলাই মহিলাই কৰিব বিচাৰিছিল আত্মহত্যা! কিন্তু প্ৰাণ গ’ল পুত্ৰ আৰু ভগ্নীৰ

February 25, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক হৃদয় বিদাৰক ঘটনা। পাষাণ হৃদয়ৰ মাতৃয়ে খাদ্য সামগ্ৰীত বিহ মিহলাই কৰিব বিচাৰিছিল আত্মহত্যা। কিন্তু মাতৃৰ পৰিৱৰ্তে ঘাটক আইচ ক্ৰীমে প্ৰাণ ল’লে নিজৰ ৫ বছৰীয়া পুত্ৰ আৰু ১৯ বছৰীয়া ভগ্নীৰ।

এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে কেৰেলাৰ কাছাৰাগড় জিলাৰ কানহাগাদত।

ঘটনা অনুসৰি, যোৱা ১১ ফেব্ৰুৱাৰীত ২৫ বছৰীয়া মাতৃ বৰ্ষাই আত্মহত্যাৰ উদ্দেশ্যে আইচ ক্ৰীমত মিহলাইছিল নিগনি হত্যাৰ দৰৱ। সেই অনুসৰি বিহযুক্ত কিছু আইচ ক্ৰীম সেৱনো কৰিলে তেওঁ। কিন্তু নিজকে অসহজ যেন অনুভৱ কৰি হাততে আইচ ক্ৰীম খিনি লৈ তেওঁ গ’ল নিজৰ কোঠালৈ।

কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ বাকী থকা বিহযুক্ত আইচ ক্ৰীম খিনি এৰি থৈ আহিল কোঠাৰ ভিতৰৰ এখন টেবুলত। আৰু সেই বিহযুক্ত আইচ ক্ৰীম খিনি ভুলবশত খাই পেলালে তেওঁৰ ৫ বছৰীয়া পুত্ৰ আদ্বাইথ আৰু ১৯ বছৰীয়া ভগ্নী দৃশ্যাই। তাৰ কিছু সময়ৰ পিছতেই তেওঁলোকে এখন ৰেষ্টোৰেণ্টৰ পৰা অনা বিৰিয়ানী খাইছিল।

কিন্তু নিশালৈ শিশু পুত্ৰই অত্যন্ত বমি কৰিবলৈ আৰম্ভ কৰে। লগে লগেই পৰিয়ালৰ লোকে শিশুটিক চিকিৎসালয়লৈ লৈ যায় যদিও ১২ ফেব্ৰুৱাৰীৰ পুৱা মৃত্যু হয় শিশুটিৰ। ঠিক তাৰ পিছতেই বৰ্ষাৰ ১৯ বছৰীয়া ভগ্নী দৃশ্যায়ো অত্যাধিক অসুস্থতাত ভুগে। ভগ্নীকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰায় এসপ্তাহ চিকিৎসালয়ৰ বিচনাত শৰীৰৰ সৈতে যুঁজ কৰি ২৪ ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰৰ পুৱা মৃত্যু হয় ভগ্নী দৃশ্যাৰ।

এই ঘটনাৰ পিছতেই পৰিয়ালৰ লোকে বৰ্ষাৰ বিৰুদ্ধে গোচৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে সোধা-পোচা কৰে বৰ্ষাক আৰু তেতিয়াই ওলাই পৰে এই ঘটনাৰ প্ৰকৃত কাৰণ।

আৰক্ষীয়ে জনোৱা অনুসৰি, বৰ্ষা মাতৃ আৰু ভগ্নীৰ সৈতে আছিল মাতৃৰ ঘৰত। পৰিয়ালৰ লোকে বিৰিয়ানী খোৱাৰ বাবে দুয়োৰে এনে হোৱা বুলি ভাবিছিল। যিহেতু বৰ্ষাই আত্মহত্যাৰ চেষ্টা কৰা আৰু নিজৰ ভুলৰ বাবে এনে ঘটনা হোৱা বুলি পৰিয়ালৰ আগত স্বীকাৰ কৰা নাছিল।

বৰ্ষাক অলপো অসহজ যেন দেখা পোৱা নাছিল পৰিয়ালৰ কোনেও। কিন্তু কি কাৰণত বৰ্ষাই নিজৰ জীৱন শেষ কৰিব বিচাৰিছিল সেইয়া এতিয়াও জানিব পৰা হোৱা নাই।

যোৱা ১৭ ফেব্ৰুৱাৰীত পঞ্জীয়ন কৰা এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৪ আৰু ৩০৫ নং ধাৰাৰ অধীনত বৰ্ষাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

লগতে চাওকঃ

হাতেৰে ঘূৰালেই বাজি উঠে এক ব্যতিক্ৰমী বাঁহী! জাপানলৈ ৰপ্তানি কৰি চৰ্চিত এজন শিল্পী

অটােৰিক্সাত ভ্ৰাম্যমাণ ঘৰ নিৰ্মাণ কৰি চৰ্চিত এজন লােক, যৌথভাৱে কাম কৰাৰ প্ৰস্তাৱ দিলে আনন্দ মহিন্দ্ৰাই

হাইপ্ৰফাইল চুৰ! চুৰিকাণ্ডৰ বাবে ক্ৰয় কৰি ললে ৯০ লাখ টকাৰ ভূমি, সুৰংগ খান্দি প্ৰতিবেশীৰ ঘৰত চুৰিকাণ্ড

অসম জাতীয় পৰিষদৰ নিৰ্বাচনী প্ৰতীক চিহ্ন ঘােষণা