
নিউজ ডেস্ক। সুদীৰ্ঘ কাল নীপকোৰ অভিযন্তা হিচাপে কেইবাটাও প্ৰকল্পত কাৰ্য সম্পাদন কৰি উমৰাংচুৰ জল বিদ্যুৎ প্ৰকল্পৰ পৰাই অৱসৰ গ্ৰহণৰ কথা ভাৱিছিল ডিগবৈৰ অভিযন্তা জয়ন্ত হাজৰিকাই।
অৱসৰ গ্ৰহণলৈ মাজত আৰু বেছিদিন বাকীও নাছিল!
৫-৬ মাহ পিছতে অৱসৰ লাভ কৰি আপোন গাঁওখনতে সমাজৰ বাবে কিবা এটা কৰাৰ কথা ভাৱি আছিল জয়ন্ত হাজৰিকাই। কিন্তু নিয়তিয়ে যেন বিচৰা নাছিল সেয়া!

শনিবাৰে ডিমা হাচাওৰ খানদাং জলবিদ্যুৎ প্রকল্পত সংঘটিত জল বিস্ফোৰণত প্ৰাণ হেৰুৱালে জয়ন্ত হাজৰিকাইও।
দুই সতীৰ্থ অভিযন্তাৰ সৈতে প্ৰকল্পটোত কৰ্তব্যৰত অৱস্থাত সৃষ্টি হোৱা বিভীষিকাময় পৰিৱেশত জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহ’ল তেওঁলোকে।

জয়ন্ত হাজৰিকাৰ মৃত্যুৰ বাতৰিয়ে পৰিয়ালটোলৈ নমাই আনিছে কাল সন্ধ্যা! ডিগবৈতো সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ।
ডিগবৈৰ মুলিয়াবাৰীৰ নিৱাসী জয়ন্ত হাজৰিকাৰ মৃত্যুৰ বাতৰি বহু পলমকৈহে দিয়া হৈছিল পৰিয়ালক। তেওঁৰ অসুস্থ পত্নীৰ স্বাস্থ্যৰ খাতিৰত সোনকালে দিয়া হোৱা নাছিল এই দুখজনক খবৰ।
উল্লেখ্য যে, জয়ন্ত হাজৰিকাই মৃত্যুৰ সময়ত পত্নী অনিতা হাজৰিকা, দিল্লীত অধ্যয়নৰত একমাত্ৰ কন্যা অৰ্চনা হাজৰিকাৰ লগতে বহুতো অত্মীয় স্বজনক এৰি থৈ যায়।
ডিগবৈৰ বিশিষ্ট সমাজসেৱক প্ৰয়াত মাণিক চন্দ্ৰ হাজৰিকাৰ দ্বিতীয় পুত্ৰ জয়ন্ত হাজৰিকাই ডিগবৈ বিবেকানন্দ উচ্চতৰ মাধ্যমিকৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড়ৰ পলিটেকনিকত শিক্ষা গ্ৰহণ কৰে।
তাৰ পিছতে তেওঁ অভিযন্তাৰূপে যোগদান কৰে নীপকোত। চাকৰি কালত বিভিন্ন প্ৰকল্পত কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰি শেহতীয়াকৈ তেওঁ খানদাং প্ৰকল্পত যোগদান কৰিছিল। এই প্ৰকল্পটোতে তেওঁ কৰ্ম সম্পাদন কৰি ৫-৬ মাহৰ পিছত অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল।
তাৰ পিছত তেওঁ ডিগবলৈ উভতি আহি পৰিয়ালৰ সৈতে সময় কটোৱাৰ লগতে সমাজৰ বাবে কিবা এটা কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু তাৰ পূৰ্বেই এনেদৰে পৰিয়ালৰ পৰা দূৰৈত হাজৰিকাই মৃত্যুক সাৱটি ল’বলগীয়া হোৱাৰ ঘটনাই শোকস্তব্ধ কৰি তুলিছে ডিগবৈবাসীক।
লগতে চাওকঃ
ব’হাগত ঘৰলৈ আহি পতাৰ কথা আছিল ৭মহীয়া পুত্ৰৰ অন্নপ্ৰাসন্ন! কিন্তু জল বিস্ফোৰণত প্ৰাণ গ’ল অনুপমৰ
