fbpx
অসমীয়াঅৰুণাচল প্ৰদেশ

অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেন্ট জেনেৰেল কে টি পাৰনায়কক অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল নিযুক্তি…

নিউজ ডেস্কঃ চীন আগ্ৰাসনৰ আতংকৰ মাজতে চীন সীমান্তৰ দুই ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ আৰু লাডাখত ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে দুগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াক।

দেওবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেন্ট জেনেৰেল কে টি পাৰনায়কক অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰাৰ বিপৰীতে বৰ্তমান অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বি ডি মিশ্ৰক লাডাখৰ উপ-ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰে।

উল্লেখ্য যে, লেফটেনেণ্ট জেনেৰেল কে টি পাৰনায়ক (অৱসৰপ্ৰাপ্ত) ৰ’লটা ইণ্ডিয়া লিমিটেডৰ ডিফেন্স এণ্ড ছিকিউৰিটিৰ যুটীয়া পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

আনহাতে ইয়াৰ পূৰ্বে সেনা বিষয়াগৰাকীয়ে ফিল্ড অপাৰেচন আৰু সন্মানীয় কৰ্মচাৰী নিযুক্তিৰ কেইবাটাও নেতৃত্বৰ পদত অধিষ্ঠিত আছিল।

তেওঁ ৰাজস্থান ছেক্টৰ আৰু জম্মু আৰু কাশ্মীৰত ২ ৰাজপুতনা ৰাইফলছ, এল অ’ চিত অপাৰেচন পৰক্ৰমৰ সময়ত এটা ইনফেণ্ট্ৰি ব্ৰিগেড, আৰু ছিকিমত এটা মাউণ্টেন ডিভিজনৰ কমাণ্ড কৰিছিল।

পাৰ্চপেক্টিভ প্লেনিঙৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ ভূটানত ভাৰতীয় সামৰিক প্ৰশিক্ষণ দল (IMTRAT) আৰু উত্তৰ-পূবত এটা কৰ্পছৰ কমাণ্ড কৰিছিল।

জেনেৰেলগৰাকীয়ে অতি সক্ৰিয় উত্তৰ কমাণ্ডৰ সেনা অধিনায়ক হিচাপে আটাইতকৈ সন্মানীয় নিযুক্তি লাভ কৰিছিল, যিটো ৪ লাখ ৫০ হাজাৰ শক্তিশালী বাহিনী আছিল যিয়ে ৩,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অতি স্পৰ্শকাতৰ সীমান্তৰ সামৰিক অভিযান আৰু লজিষ্টিকছৰ সৈতে জড়িত।

ইফালে বি ডি মিশ্ৰ ভাৰতীয় সেনাৰ প্ৰাক্তন ব্ৰিগেডিয়াৰ আৰু ব্লেক কেট কমাণ্ডো নামেৰে পৰিচিত নেশ্যনেল ছিকিউৰিটি গাৰ্ড (এন এছ জি)ৰ কাউণ্টাৰ হাইজেক ফৰ্চৰ প্ৰাক্তন কমাণ্ডাৰ আছিল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!